টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে ২০১৩ বৰ্ষৰে পৰা প্ৰদান কৰি অহা বীৰাঙ্গনা মূলাগাভৰু বঁটা এইবাৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ লাভলিনা বৰগোহাঁইক প্ৰদান কৰা হ'ব।
অহা ২৯ আৰু ৩০ এপ্ৰিলত চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অনুষ্ঠিত হ'ব লগীয়া বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসত লাভলিনা বৰগোহাঁইক প্ৰদান কৰা হ'ব এই বঁটা ।
সোণাৰিত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই কথা জনায় টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে।
অসমৰ জাতীয় বীৰাঙ্গনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মৰ্যাদাৰে সুঁৱৰি টাইপাই ২০১৩ বর্ষৰ পৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান৷
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বীৰাঙ্গনা মূলা গাভৰুৰ স্বামী ফ্ৰাচেংমুং বৰগোহাঞিৰ স্মৰণত এখন শৰীৰ চৰ্চা প্ৰতিযোগিতা আৰু বীৰাঙ্গনা মূলা গাভৰুৰ জীৱন আধাৰত পূৰ্ণাংগ নাটক প্ৰদৰ্শন কৰা হ'ব। আনহাতে এই অনুষ্ঠানত অসমৰ ৰাজনৈতিক, ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ বহু ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোগতাসকলে অৱগত কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 12, 2023, 19:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।