সাংবাদিক, বিজেপি, অসম গণ পৰিষদৰ প্ৰায় ৬ শতাধিক সক্ৰীয় কৰ্মীয়ে সোমবাৰে আনুষ্ঠানিক ভাবে কংগ্ৰেছ দলত যোগদান কৰে। যোগদান কাৰ্যসূচীত ভাষণ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপি দলৰ তীব্ৰ সমালোচনা কৰে। ২০২১ৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছৰ বাবে হ’ব দ্বিতীয় স্বাধীনতাৰ যুঁজ। বিজেপিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে হ’ব যুঁজ। এই সন্দৰ্ভত ৰিপুণ বৰাই কয় যে, ‘১৯৪৭ চনত আমি প্ৰথম স্বাধীনতা পাইছিলো। ২১ত হ'ব অসমৰ বাবে দ্বিতীয় স্বাধীনতা। বৃটিছৰ দৰে মোদীক খেদিব লাগিব। বিজেপিক উৎখাত কৰিব নোৱাৰিলে অসমৰ ভৱিষ্যত অন্ধকাৰ। 'কৰেংগে য়া মৰেংগে' গান্ধীজীৰ এই বাণী হ'ব ২১ত কংগ্ৰেছৰ বাণী।’
ৰিপুণ বৰাই লগতে কয় যে, ২০১৬ৰ নিৰ্বাচনক শৰাইঘাটৰ শেষ ৰণ বুলি কৈ ৰাইজক আৱেগিক কৰিলে। এতিয়া কিয় বিজেপিয়ে শৰাইঘাটৰ ৰণৰ কথা নকয়। বিজেপিয়ে এতিয়া সকলো ব্যৰ্থতা ঢাকিবলৈ সভ্যতাৰ কথা ক'বলৈ ধৰিছে। আমাক দহটা মূৰৰ ৰাৱণ, মোগল বহু নাম দিছে।’
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, হিমন্তই ড৹ ল'লে ঠিকে, কিন্তু এতিয়া ধৰ্ম আৰু সভ্যতাৰ বিষয়ে অধ্যয়ন কৰক। তেতিয়াহে তোমাৰ ড৹ ডিগ্ৰীক আমি মান্যতা দিম।’ আজিৰ যোগদান কাৰ্যসূচীত ৰিপুণ বৰাৰ লগতে প্ৰদ্যুত্ বৰদলৈ, ৰকিবুল হুছেইন, বলীন কুলীকে প্ৰমুখ্য কৰি দলৰ বহু সমখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|