মুখ্যপৃষ্ঠা »খবৰ »অসম »Mass Wedding in Assam : হোমৰ গুৰিত বহিল ২০১যোৰা দৰা-কইনা, সোণাৰিত সামুহিক বিবাহত অংশ ল'লে ৬০ বছৰীয়া দৰায়ো

Mass Wedding in Assam : হোমৰ গুৰিত বহিল ২০১যোৰা দৰা-কইনা, সোণাৰিত সামুহিক বিবাহত অংশ ল'লে ৬০ বছৰীয়া দৰায়ো

চৰাইদেউ জিলা বিবাহ সংস্কাৰ সমিতি আৰু দ্য হান্স ফাউণ্ডেচনৰ সহযোগত অনুষ্ঠিত হয় বিবাহ

চৰাইদেউ জিলা বিবাহ সংস্কাৰ সমিতি আৰু দ্য হান্স ফাউণ্ডেচনৰ সহযোগত অনুষ্ঠিত হয় বিবাহ

চৰাইদেউ জিলা বিবাহ সংস্কাৰ সমিতি আৰু দ্য হান্স ফাউণ্ডেচনৰ সহযোগত অনুষ্ঠিত হয় বিবাহ

  • Share this:
পুৰোহিতৰ মন্ত্ৰোচাৰণ, আয়তীৰ উৰুলীত মুখৰিত হ'ল সোণাৰিৰ টিয়কৰ জাবাৰীৰ সামূহিক প্ৰেক্ষাগৃহ। চৰাইদেউ জিলাৰ মুঠ ২০১ দৰা-কইনাই হোমৰ অগ্নিক সাক্ষী কৰি পণ ল'লে জীৱনে-মৰণে ইজনে সিজনে একেলগে থকাৰ।

এই সামূহিক বিয়াখন বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ টিয়ক চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত  উলহ-মালহেৰে সম্পূৰ্ণ মাংগলিক পৰিৱেশৰ মাজেৰে সম্পন্ন হৈ যায়। উক্ত বিবাহ অনুষ্ঠানত হিন্দু ধৰ্মৰ বিভিন্ন জনগোষ্ঠীৰ ৰীতি-নীতিৰ মাজেৰে প্ৰায় ২০১খন বিবাহ সম্পন্ন হয় (Mass Wedding in Assam)।

চৰাইদেউ জিলা (Charaideo District) বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ্য হান্স ফাউণ্ডেচনৰ সহযোগত আজি অনুষ্ঠিত হৈ যায় এই অনুষ্ঠান। হিন্দু ধৰ্মৰ কেইবাটাও জনগোষ্ঠীৰ দৰা-ক‌ইনাই নিজৰ বৈদিক ৰীতি-নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰে। ভকতৰ আশীৰ্বাদৰ লগতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, হোমৰ জুইক সাক্ষী কৰি সম্পন্ন হয় বিবাহ কাৰ্যসূচী।

বিভিন্ন কাৰণবশতঃ যিসকল লোকে আনুষ্ঠানিকভাৱে নিৰ্দিষ্ট ৰীতি-নীতিৰে বিবাহ সম্পন কৰিব পৰা নাছিল, তেনে লোকৰ সুবিধাৰ্থে সংগঠন দুটাই আজি এই সামূহিক বিবাহ সংস্কাৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। সম্পূৰ্ণ জাকজমকতা আৰু উখল-মাখল পৰিৱেশৰ মাজেৰে সম্পন্ন হোৱা এই বিবাহ অনুষ্ঠানত ৬০ বছৰ বয়সৰ দৰায়ো অংশ‌ লয়।

সহস্ৰাধিক দৰ্শক তথা দৰা-ক‌ইনাৰ অভিভাৱকে প্ৰত্যক্ষ কৰা এই সামূহিক বিবাহ অনুষ্ঠানত উদ্যোক্তাসকলে প্ৰতিগৰাকী দৰা-ক‌ইনাক সাংসাৰিক জীৱনত প্ৰয়োজনীয় সামগ্ৰী উপহাৰ হিচাপেও প্ৰদান কৰে। আনহাতে এই অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, সোণাৰি ৰাজহ চক্ৰ বিষয়া চৈতালী দত্তৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

শেহতীয়া বাতৰি