আজিৰ দিনটোতে কাৰ্গিলত শ্বহীদ হৈছিল অসমৰ বীৰ সন্তান কেপ্টেইন জিণ্টু গগৈ

১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই। তেতিয়াৰে পৰা এই বিশেষ দিনটোক ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হয়।

news18assam
Updated:June 30, 2019, 6:09 PM IST
আজিৰ দিনটোতে কাৰ্গিলত শ্বহীদ হৈছিল অসমৰ বীৰ সন্তান কেপ্টেইন জিণ্টু গগৈ
১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই। তেতিয়াৰে পৰা এই বিশেষ দিনটোক ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হয়।
news18assam
Updated: June 30, 2019, 6:09 PM IST
আজিৰ দিনটোতে দেশমাতৃৰ বাবে প্ৰাণ দিছিল অসমৰ বীৰ সন্তান কেপ্টেইন জিণ্টু গগৈয়ে। ২০ বছৰ আগতে ১৯৯৯ চনৰ ৩০ জুনত কাৰ্গিল যুদ্ধত শ্বহীদ হৈছিল অসমৰ বীৰ সন্তানগৰাকী। প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত আজি অমৰ হৈ আছে শ্বহীদ জিণ্টু গগৈ।

ভাৰতীয় সেনাৰ ১৭ গাড়ৱাল ৰেজিমেণ্টত কৰ্মৰত আছিল জিণ্টু গগৈ। ১৯৯৯ চনত কাৰ্গিল যুদ্ধত জম্মু–কাশ্মীৰত নিয়োগ কৰা হৈছিল গাড়ৱাল ৰেজিমেণ্টক। ছুটী লৈ ঘৰত অহা জিণ্টু গগৈক মাতি পঠিওৱা হৈছিল সেনাৰ ফালৰ পৰা। আৰু ছুটী শেষ নৌহওঁতেই পুনৰ কৰ্তব্যত যোগদানৰ বাবে ৰাওনা হৈছিল জিণ্টু গগৈ।

২৯ জুন, ১৯৯৯ চন। কেপ্টেইন জিণ্টু গগৈ আৰু তেওঁৰ বাহিনীক এক মিছনৰ দায়িত্ব দিয়া হৈছিল। অভিযানৰ স্থান ভাৰত–পাকিস্তান নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ বাতালিক অঞ্চলৰ কালাপথাৰ অঞ্চল। কেপ্টেইন জিণ্টু গগৈৰ নেতৃত্বত দলটো আগবাঢ়িছিল মিছন সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে। জিণ্টু গগৈৰ সংগ দিছিল লেন্স নায়ক মদন সিং, ৰাইফল মেন জয়দীপ সিং, ৰাইফল মেন বাৰিন্দৰ সিং, ৰাজবীৰ সিং, ধৰমবীৰ সিং, বিনোদ কুমাৰ, হৰফুল সিং, গজপাল সিং আৰু কৃষ্ণ কুমাৰে।

জিণ্টু গগৈৰ নেতৃত্বত দলটো উপস্থিত হৈছিল লক্ষ্যস্থানত। সেই সময়তে শত্ৰুপক্ষই চাৰিওদিশৰ পৰা ঘেৰি ধৰিছিল তেওঁলোকৰ দলটোক। দুয়োপক্ষৰ মাজত চলিছিল প্ৰচণ্ড গুলীয়াগুলি। দুই শত্ৰুক গুলীৰে থকা–সৰকা কৰিছিল কেপ্টেইন জিণ্টু গগৈয়ে। শত্ৰুপক্ষৰ গুলীত আঘাতপ্ৰাপ্ত হৈও সাহসেৰে যুঁজি গৈছিল সাহসী বীৰগৰাকীয়ে। অন্তিম মুহূৰ্তলৈ যুঁজি যুঁজি শেষত মৃত্যুৰ সৈতে হাৰ মানিছিল সাহসী বীৰগৰাকীয়ে।

১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই। তেতিয়াৰে পৰা এই বিশেষ দিনটোক ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হয়। দেশমাতৃৰ বাবে সাহসেৰে যুঁজি শ্বহীদ হোৱা বীৰগৰাকীক মৰণোত্তৰভাৱে ভাৰত চৰকাৰে সন্মানিত কৰিছিল বীৰ চক্ৰৰে। গোলাঘাটৰ খুমটাইৰ এইগৰাকী বীৰ সন্তানে গৌৰৱান্বিত কৰিছিল প্ৰতিগৰাকী অসমীয়াক।
আৰু চাওক পৰৱৰ্তী বাতৰি