உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Kaziranga National Park : গঁড় সুৰক্ষাৰ বাবে প্ৰথমবাৰলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োগ কৰা হ’ল কামাণ্ডো বাহিনী

    Kaziranga National Park : গঁড় সুৰক্ষাৰ বাবে প্ৰথমবাৰলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োগ কৰা হ’ল কামাণ্ডো বাহিনী

    ২০ জন কামাণ্ডোৱে এতিয়া আহৰ্নিশে গঁড় সুৰক্ষা দিয়াত ব্যস্ত হ’ব উদ্যানত।

    ২০ জন কামাণ্ডোৱে এতিয়া আহৰ্নিশে গঁড় সুৰক্ষা দিয়াত ব্যস্ত হ’ব উদ্যানত।

    ২০ জন কামাণ্ডোৱে এতিয়া আহৰ্নিশে গঁড় সুৰক্ষা দিয়াত ব্যস্ত হ’ব উদ্যানত।

    • Share this:
    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাত নামিল অত্যাধুনিক মৰাণাস্ত্ৰসহ কামাণ্ডো বাহিনী। ৰাজ্যবাসীয়ে ৭৩সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাতে কাজিৰঙাত গঁড় সুৰক্ষাৰ বাবে আজিৰে পৰা এক নতুন সংযোজন ঘটোৱা হৈছে। পূৰ্বতে ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড় সুৰক্ষাৰ বাবে বন সুৰক্ষা বাহিনী, গঁড় সুৰক্ষা বাহিনী, বিশেষ সুৰক্ষা বাহিনী  আদি নিয়োগ কৰা হৈছিল যদিও আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনী নিয়োগ কৰা হৈছে। বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত অত্যাধুনিক মৰণাস্ত্ৰৰে অভিজ্ঞ এই কামাণ্ডো বাহিনীয়ে এতিয়া চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত।

    ২০ জন কামাণ্ডোৱে এতিয়া আহৰ্নিশে গঁড় সুৰক্ষা দিয়াত ব্যস্ত হ’ব উদ্যানত। কাজিৰঙা ব্যাঘ্র  প্ৰকল্প এলেকাৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলত ১০জন আৰু উত্তৰ পাৰৰ বিশ্বনাথ বন সংমণ্ডলত ১০জন কামাণ্ডো নিয়োগ কৰিছে চৰকাৰে। প্ৰতিদিনে বিভিন্ন বন শিবিৰত বাহৰ পাতি চোৰাং চিকাৰীক ৰুধিবলৈ সষ্টম হৈ থাকিব এই কামাণ্ডো বাহিনী।

    উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষৰ এপ্ৰিল মাহত এটা গঁড় চোৰাং চিকাৰীয়ে নিধন কৰিছিল যদিও চলিত বৰ্ষৰ পহিলা মাহতেই বন আৰু আৰক্ষীক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই চোৰাং চিকাৰীয়ে গঁড় নিধন কৰি খড়্গ কাটি নিয়াৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অধিক গুৰুত্বসহকাৰে বিষয়টো লোৱা পৰিলক্ষিত হৈছে। ইয়াৰ পিছতে ২৩ জানুৱাৰী তাৰিখে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কাজিৰঙাত উপস্থিত হৈ চোৰাং চিকাৰী প্ৰতিহত কৰাৰ বাবে কাজিৰঙাত কামাণ্ডো নিয়োগ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। সেই মৰ্মে গণৰাজ্য দিৱসৰ দিনটোত শেহতীয়াকৈ গঁড় হত্যা হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ শিলে খুন্দা বন শিবিৰলৈ যাত্ৰা আৰম্ভ কৰিছে ১০ জন কামাণ্ডোই।

    আনহাতে, নতুনকৈ নিয়োগ কৰা কামাণ্ডো বাহিনীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ক অধিক নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে কাজিৰঙা কৰ্তৃপক্ষৰ লগতে আৰক্ষী প্ৰশাসনে।
    Published by:Sanjay Kumar Das
    First published: