আন একাংশ শিল্পীয়ে আজি যোগদান কৰিব কংগ্ৰেছত।
আন একাংশ শিল্পীয়ে আজি যোগদান কৰিব কংগ্ৰেছত।
আজি ২০ গৰাকীকৈ শিল্পীয়ে যোগদান কৰিব বিজেপি দলত। ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিব এইসকল শিল্পীয়ে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা কেইবাগৰাকীও শিল্পীয়ে অৱশেষত ঢাপলি মেলিলে গেৰুৱা শিবিৰলৈ।
সীমান্ত শেখৰ, দীপক শৰ্মা, পংকজ ইংতি, ৰেবা ফুকন, পল ফুকন, ড্ৰিমলী গগৈ, জয়শ্ৰী গোস্বামী, প্ৰাঞ্জনা দত্ত, প্ৰতিমা দেৱী, বিৰিণা পাঠক, হিয়া মেধি, বিকাশ ভৰদ্বাজ, কবিন দাস, ধ্ৰৱ কাশ্যপ, জয় চক্ৰৱৰ্তী, সিদ্ধান্ত কলিতা, নাট্যকাৰ পল্লৱ পৱনকে ধৰি ২০ গৰাকী শিল্পীয়ে আজি যোগদান কৰিব বিজেপিত।
আনহাতে, আন একাংশ শিল্পীয়ে আজি যোগদান কৰিব কংগ্ৰেছত। বাবু বৰুৱা, নেকিব আৰু অজয় ফুকনে আজি যোগদান কৰিব কংগ্ৰেছ দলত। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অভিনেতা যতীন বৰা, বিদ্যাসাগৰ, আশা বৰদলৈয়ে যোগদান কৰিছে বিজেপিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|