গেৰুৱা বসন পিন্ধিলে সাংবাদিকসহ ২০গৰাকী শিল্পী, কলা–কুশলীয়ে

News18 Assam | News18-Assam
Updated:September 28, 2020, 4:47 PM IST
গেৰুৱা বসন পিন্ধিলে সাংবাদিকসহ ২০গৰাকী শিল্পী, কলা–কুশলীয়ে
মহানগৰীৰ হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে বিজেপিত।

মহানগৰীৰ হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে বিজেপিত।

  • News18 Assam
  • Last Updated: September 28, 2020, 4:47 PM IST
  • Share this:
পথাৰলৈ শিল্পী-কলাকুশলীৰ পদাৰ্পণৰ হেঁচা-ঠেলাৰ মাজতে সোমবাৰে গেৰুৱা বসন পিন্ধিলে ২০ গৰাকী শিল্পী, কলা–কুশলীৰ লগতে দুগৰাকী সাংস্কৃতিক সাংবাদিকে। মহানগৰীৰ হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আনুষ্ঠানিকভাৱে দললৈ আদৰণি জনায় সাংস্কৃতিক সাংবাদিক দিগন্ত কুমাৰ চৌধুৰী আৰু কল্যাণ কুমাৰ কলিতাৰ লগতে কুৰিগৰাকী অভিনয় শিল্পী আৰু কলা-কুশলীক।

বিজেপিত যোগদান কৰাসকল ক্ৰমে- অঞ্জলী চেত্রী, মৃদুল বৰুৱা, দীপক কুমাৰ ৰয়, বিনয় ডেকা, কবিতা চুতীয়া, বিপুল বৰা, অঞ্জন জ্যোতি বেজ, জলী বৰা, কৃষ্ণমণি নাথ, অজন্তা বৰুৱা দাস, পুলকেষ ভট্টাচার্য, নয়ন কৌশিক, হিমাংশু ডেকা, গৌতম ৰাজ, ভাৱনা কাকতি, ৰূপম অনুৰাগ, কবিন ৰাজ, ৰূপেন লহকৰ, দেৱাশ্রুতি ভূঞা আৰু অমৰেন্দ্ৰ আলেম্যান ডেকা।

প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পল্লৱ লোচন দাসে আঁত ধৰা যোগদান কাৰ্যসূচীৰ আদৰণি ভাষণ আগবঢ়াই সভাপতি ৰণজিত দাসে কয়, "বিজেপি দলে কোনোদিনাই কাৰোবাৰ অধীনত কোনোধৰণৰ কাম নকৰে। বিজেপি দলে সদায় লগত কাম কৰে। কোনোবা প্ৰধানমন্ত্ৰী হৈছে, মুখ্যমন্ত্ৰী হৈছে, সভাপতি হৈছে সেয়া দলে দিয়া দায়িত্ব। কিন্তু সকলোৱে নিজকে বিজেপিৰ কাৰ্যকৰ্তা হিচাপেহে পৰিচয় দিয়ে। আনহাতে চৰকাৰে আঁচনি ৰূপায়ণ কৰিছে ভোটৰ স্বাৰ্থত নহয়, সমাজৰ কল্যাণৰ বাবে বাবেহে কাম কৰে। এয়া বিজেপি দলৰ নীতি। শাসনৰ কাৰণে ক্ষমতাত অহা নাই, দেশ নিৰ্মাণৰ বাবেহে ক্ষমতালৈ আহিছো। ভাৰতীয় জনতা পাৰ্টীত কোনো উচ্চ-নিম্ন নাই। সকলো সমান। সকলোকে সমান চকুৰে চোৱা যায়। সেয়ে নৱাগতসকলে এই আদৰ্শকে সৰোগত কৰি অনাগত সময়ত কাম কৰি যাব বুলি আশা কৰিছোঁ।"

উল্লেখ যে আজিৰ এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ উপ-সভানেত্ৰী বিজুলী কলিতা মেধি, সাধাৰণ সম্পাদক সুকুমাৰ বিশ্বাস, সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰা, সহ-আহ্বায়ক বিদ্যা সাগৰ, কোষৰ সদস্য পল্লৱ পৱন বৰা আৰু ভিকি শৰ্মাকে ধৰি বহুকেইগৰাকী কাৰ্যকৰ্তা।

ইপিনে, শেহতীয়াকৈ সংঘটিত অসম আৰক্ষীৰ এছ আই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই কেলেংকাৰী বিজেপিৰ কাৰ্যালয়ৰ পৰাই হোৱা বুলি কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ পল্লৱ লোচন দাসে কয়, "মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছেই যে এই কেলেংকাৰীত জড়িত কোনো সাৰি যাব নোৱাৰে। বিজেপিৰে হওক বা বেলেগেই হওক কোনো কাৰণত সাৰি যাব নোৱাৰে। আৰু ৰিপুণ বৰা ডাঙৰীয়াৰ সন্দৰ্ভতনো কি ক'ম? তেওঁৰ দিনত কিমান কেলেংকাৰী হৈ গ'ল তাৰ হিচাপ নাই। যিজন মানুহ হত্যাৰ লগত জড়িত। যিজন মানুহ তিহাৰ জে’লত থাকি অহা, তেওঁ কংগ্ৰেছ দলৰ সভাপতি। তেনে এজন মানুহ কেনেদৰে সভাপতি হৈ থাকিব পাৰে? গতিকে তেওঁৰ কথাত কোনো গুৰুত্ব নাই।"
Published by: Sanjay Kumar Das
First published: September 28, 2020, 4:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading