ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিলসমাধি ২ যুৱকৰ

বিহালীৰ বাঁহবাৰী ঘাটত গা ধুবলৈ গৈ শুকুৰবাৰে বিয়লি ব্ৰহ্মপুত্ৰত নিখোঁজ হোৱা দুই যুৱকৰ মৃতদেহ উদ্ধাৰ

news18assam
Updated:April 21, 2019, 7:38 AM IST
ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিলসমাধি ২ যুৱকৰ
ব্ৰেকিং নিউজ
news18assam
Updated: April 21, 2019, 7:38 AM IST
বিহালীৰ বাঁহবাৰী ঘাটত গা ধুবলৈ গৈ শুকুৰবাৰে বিয়লি ব্ৰহ্মপুত্ৰত নিখোঁজ হোৱা দুই যুৱকৰ মৃতদেহ উদ্ধাৰ। স্থানীয় মাছমৰীয়াই হাত নাঁৱেৰে জালৰ সহায় উদ্ধাৰ কৰে ২ যুৱকৰ মৃতদেহ। গুৱাহাটীৰ পাঞ্জাবাৰী নিৱাসী গৌতম বৰা ওৰফে বুডু আৰু বাঁহবাৰীৰ অভিজিৎ শইকীয়া নামৰ যুৱক দুজন নিখোঁজ হৈছিল ব্ৰহ্মপুত্ৰত।

আজি ঘটনাস্থলীৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত উদ্ধাৰ হয় দুয়োৰে মৃতদেহ৷ পুৱাৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফেও চলাইছিল অভিযান। স্থানীয় লোকেও অব্যাহত ৰাখিছিল উদ্ধাৰ অভিযান। মৃত অভিজিৎ শইকীয়াৰ মাহীয়েৰ পুতেক আছিল গৌতম বৰা। মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল গৌতম। ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱাৰ সময়তে পানীৰ সোঁতে উটুৱাই নিছিল দুয়োকে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।
আৰু চাওক পৰৱৰ্তী বাতৰি