যোৰহাটত শিশুসহ দুজনৰ শৰীৰত দেওবাৰে পোৱা গ’ল COVID–19 পজিটিভ, এজনৰ দেহতো নাই লক্ষণ

News18 Assam | News18-Assam
Updated:May 17, 2020, 4:50 PM IST
যোৰহাটত শিশুসহ দুজনৰ শৰীৰত দেওবাৰে পোৱা গ’ল COVID–19 পজিটিভ, এজনৰ দেহতো নাই লক্ষণ
মুম্বাইৰ পৰা অহা যোৰহাটৰ কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা মহিলা দুগৰাকীৰ দ্বিতীয়বাৰলৈ কৰা পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা গৈছে।

মুম্বাইৰ পৰা অহা যোৰহাটৰ কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা মহিলা দুগৰাকীৰ দ্বিতীয়বাৰলৈ কৰা পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা গৈছে।

  • Share this:
যোৰহাটত দিল্লীৰ পৰা যোৰহাটলৈ অহা এটা পৰিয়ালৰ আত্মীয়সহ দুজন সদস্যৰ শৰীৰত পোৱা গৈছে নোভেল কোৰোণা ভাইৰাছৰ উপস্থিতি। ৯ বছৰীয়া এটি শিশুসহ দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা এজন যুৱকৰ শৰীৰত পোৱা গৈছে এই ভাইৰাছৰ উপস্থিতি। কিন্তু দুয়োজনৰ শৰীৰত নাই COVID–19 ৰোগৰ লক্ষণ। আনহাতে, ইয়াৰ পূৰ্বে ভাইৰাছৰ সংক্ৰমণ ধৰা পৰা মুম্বাইৰ পৰা অহা মহিলা দুগৰাকীৰ শৰীৰত দ্বিতীয়টো পৰীক্ষাতো পোৱা নগ’ল ভাইৰাছৰ উপস্থিতি।

দেওবাৰে দুপৰীয়ালৈ যোৰহাটৰ JMCHৰ COVID–19 বিশেষ চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৪ জনলৈ। দিল্লীৰ পৰা অহা এটি ৯ বছৰীয়া শিশুসহ এজন ১৯ বছৰীয়া যুৱকৰ শৰীৰত দেওবাৰৰ দিনটোত পোৱা গৈছে এই ভাইৰাছৰ সংক্ৰমণ।

দিল্লীৰ পৰা যোৰহাটৰ জ’নেল স্ক্ৰিনিং চেণ্টাৰলৈ অহা শিৱসাগৰ জিলাৰ গেলেকীৰ আব্দুল ছেমিম নামৰ ১৯ বছৰীয়া যুৱকজনৰ শৰীৰত কোৰোণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। মাতৃ আৰু আত্মীয়সহ মুঠ আঠ জন লোক এখন ট্ৰেভেলাৰযোগে দিল্লীৰ পৰা আহি যোৰহাটত উপস্থিত হৈছিল ১৪ মে'ত। ইয়াৰ পিছতে তেওলোকক  ৰখা হৈছিল কাজিৰঙা বিশ্ববিদ্যালয় চৌহদত থকা কোৱাৰেণ্টাইন চেণ্টাৰত।

আনহাতে, দেওবাৰে দুপৰীয়া ট্ৰেভেলাৰখনতে অহা ছামিমৰ আত্মীয় এটি ৯ বছৰীয়া শিশুৰ শৰীৰতো ধৰা পৰে ভাইৰাছৰ সংক্ৰমণ। ছেমিমৰ ঘৰ শিৱসাগৰ জিলাৰ গেলেকীত হোৱাৰ বিপৰীতে শিশুটিৰ বাসগৃহ হ’ল যোৰহাটৰ পুজাডুবিৰ ৩নং ৱাৰ্ডত। কিন্তু দুয়োজনৰ পৰিয়ালৰ বাকীসকলৰ শৰীৰত নাই কোভিড–১৯ৰ কোনো লক্ষণ। বাকী কেইজনৰ নমুনা পৰীক্ষাৰ ফলাফল অৱশ্যে দেওবাৰে বিয়লিপৰ্যন্ত অহা নাই।

আব্দুল ছামিমৰ সৈতে ট্ৰেভেলাৰখনত আহিছিল তেওঁৰ মাতৃ, ভনীয়েক আৰু যোৰহাটৰ মহাক নিচাৰ আখতাৰ, মাহীয়েক ফাৰহানা আখতাৰ, মাহীয়েকৰ জীয়েক মহচিনা মেহজাবিন,মাহীয়েকৰ ল’ৰা ফাহান আখতাৰ আৰু সোণাৰিৰ ভজোৰ মোমায়েক আব্দুল ৰহমান। পৰিয়ালটোক যোৰহাটত নমোৱাৰ পিছতে ট্ৰেভেলাৰখন উভতি যায়।

আনহাতে, এইখিনিতে আছে এটা ভাল খবৰ। মুম্বাইৰ পৰা অহা যোৰহাটৰ কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা মহিলা দুগৰাকীৰ দ্বিতীয়বাৰলৈ কৰা পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা গৈছে।  সন্তানৰ চিকিৎসাৰ বাবে মুম্বাইলৈ গৈ যোৰহাটলৈ উভতি অহা দুগৰাকী মহিলাসহ ৰোগাক্ৰান্ত শিশুটি আৰু আনজন আত্মীয়ৰ শৰীৰতো দ্বিতীয়বাৰৰ পৰীক্ষাত পোৱা নগ’ল ভাইৰাছৰ উপস্থিতি। আনহাতে, তেওঁলোকৰ শৰীৰতো নাই COVID–19ৰ লক্ষণ। অৱশ্যে চিকিৎসকে জানিবলৈ দিয়া মতে, সম্পূৰ্ণভাৱে নিশ্চিত হ’বলৈ আৰু দুবাৰ এই পৰীক্ষাৰ ফলাফল নিগেটিভ আহিব লাগিব।

"এয়া এক ভাল খবৰ। দৰাচলতে JMCHৰ বিশেষ হাস্পতালত ভৰ্তি হৈ থকা COVID–19 ৰোগীৰ এজনৰ শৰীৰতো নাই ৰোগৰ লক্ষণ। মহিলা দুগৰাকীৰ শৰীৰত দ্বিতীয়বাৰৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিল। অৱশ্যে সম্পূৰ্ণভাৱে নিশ্চিত হ’বলৈ এই পৰীক্ষা মুঠ তিনিবাৰ কৰিব লাগিব।", ক’লে যোৰহাটৰ উপায়ুক্তই।

উজনি অসমলৈ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত এনেদৰেই চৰকাৰৰ নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে লোকৰ শৰীৰত আৰু অধিক ভাইৰাছৰ সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও তাক লৈ বিশেষ চিন্তাৰ কাৰণ নাই। কাৰণ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কঠোৰ পৰ্যবেক্ষণত ৰখা হৈছে।
First published: May 17, 2020, 4:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি