ATM হেকাৰৰ দুই মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ, মুম্বাইৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তুৰ্কীৰ ২ যুৱকক

মুম্বাইত বাহৰ পাতি দুই তুৰ্কীৰ যুৱকে চলাই গৈছিল চাইবাৰ অপৰাধ।

News18-Assam
Updated:September 6, 2019, 12:28 PM IST
ATM হেকাৰৰ দুই মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ, মুম্বাইৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তুৰ্কীৰ ২ যুৱকক
মুম্বাইত বাহৰ পাতি দুই তুৰ্কীৰ যুৱকে চলাই গৈছিল চাইবাৰ অপৰাধ।
News18-Assam
Updated: September 6, 2019, 12:28 PM IST
ভাস্কৰ জ্যোতি হাজৰিকা : মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা৷ মুম্বাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ATM হেকাৰৰ দুই মাষ্টাৰমাইণ্ডক। ধৃত তুৰ্কীৰ যুৱক দুজনৰ নাম আব্দুল হালেক আৰু ইদগি ইমৰাহ৷ মুম্বাইত বাহৰ পাতি তুৰ্কীৰ এই দুই যুৱকে চলাই গৈছিল চাইবাৰ অপৰাধ।

মহানগৰীৰ ভিন্ন প্ৰান্তৰ লোকৰ পৰা ATM হেক কৰি বিগত কেইটামান সপ্তাহত লুটি নিছিল ১৬ লাখ টকা৷ মহানগৰীৰ দুটাকৈ ATMত দুষ্ট চক্ৰটোৱে সংলগ্ন কৰিছিল গোপন কেমেৰাৰ লগতে মেমৰী কাৰ্ড। এই সন্দৰ্ভত মহানগৰীৰ বিভিন্ন থানাত ৰুজু হৈছিল ৪৫টাকৈ গোচৰ। বৃহস্পতিবাৰে বিয়লি মুম্বাইত দুই হেকাৰক গ্ৰেপ্তাৰৰ পিছতে শুকুৰবাৰে লৈ অনা হয় গুৱাহাটীলৈ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি