লখিমপুৰত ২ অৰুণাচলী যুৱকৰ গুলীচালনা, এজনক গুলীয়াই আৰু ৩জনক বন্দুকেৰে খুন্দিয়াই

গাঁওখনত চিকাৰৰ বাবে আহিছিল অৰুণাচলৰ ২ যুৱক। চিকাৰ কৰিবলৈ বাধা দিয়াত স্থানীয় যুৱকৰ সৈতে খণ্ডযুদ্ধ লিপ্ত হয় যুৱক দুজন।

News18-Assam
Updated:June 5, 2019, 4:22 PM IST
লখিমপুৰত ২ অৰুণাচলী যুৱকৰ গুলীচালনা, এজনক গুলীয়াই আৰু ৩জনক বন্দুকেৰে খুন্দিয়াই
ধৃতদ্বয়ৰ নাম নাবুম ৰেবিয়া আৰু তালু মাগ্ৰিয়া। 
News18-Assam
Updated: June 5, 2019, 4:22 PM IST
লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা। সীমান্তৰ বিষ্ণুপুৰত গুলীচালনাক লৈ উত্তপ্ত পৰিস্থিতি। ২ অৰুণাচলী যুৱকে গুলীয়ালে স্থানীয় যুৱকক। অৰুণাচলৰ যুৱকৰ আক্ৰমণত আহত ৪জন যুৱক। এজনলৈ গুলীচালনা আৰু আন ৩জনক বন্দুকেৰে খুন্দিয়াই। গাঁওখনত চিকাৰৰ বাবে আহিছিল অৰুণাচলৰ ২ যুৱক। চিকাৰ কৰিবলৈ বাধা দিয়াত স্থানীয় যুৱকৰ সৈতে খণ্ডযুদ্ধ।

জব্দকৃত বন্দুক


ৰাইজে কৰায়ত্ত কৰিলে আক্ৰমণকাৰী যুৱকদ্বয়ক। ধৃতদ্বয়ৰ নাম নাবুম ৰেবিয়া আৰু তালু মাগ্ৰিয়া। গুলীবিদ্ধ হৈ আহত টংকেশ্বৰ বৰা নামৰ যুৱকজন। আহত ৩জন ফণী ৰাজবংশী, ৰাজবংশী আৰু কৃষ্ণ বৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি