• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি পহিলা মাঘ, চাৰিওফালে প্ৰচণ্ড শীত! মাঘৰ প্ৰথমটো দিনত গুৱাহাটী মহানগৰীৰ আকাশ ছানি ধৰিলে কুঁৱলীয়ে

আজি পহিলা মাঘ, চাৰিওফালে প্ৰচণ্ড শীত! মাঘৰ প্ৰথমটো দিনত গুৱাহাটী মহানগৰীৰ আকাশ ছানি ধৰিলে কুঁৱলীয়ে

অসমৰ গাৱঁলীয়া সমাজৰ সমান্তৰালকৈ নগৰীয়া সমাজতো মাঘ বিহুক অতি উলহ মালহেৰে পালন কৰা হয়। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও।

অসমৰ গাৱঁলীয়া সমাজৰ সমান্তৰালকৈ নগৰীয়া সমাজতো মাঘ বিহুক অতি উলহ মালহেৰে পালন কৰা হয়। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও।

অসমৰ গাৱঁলীয়া সমাজৰ সমান্তৰালকৈ নগৰীয়া সমাজতো মাঘ বিহুক অতি উলহ মালহেৰে পালন কৰা হয়। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও।

  • Share this:
অসমৰ জাতীয় উৎসৱসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হ'ল মাঘ বিহু। বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু এই তিনি প্ৰকাৰৰ বিহুৰে অসমীয়া সমাজত এক বিশেষ বৈশিষ্ট্য আছে যদিও মাঘ বিহুৰ কথাই সুকীয়া। বাপতিসাহোন এই মাঘ বিহুটিয়ে অসমীয়া লোক জীৱনক প্ৰদান কৰে এক অনন্য সুবাস। মাঘ বিহুৰ সময়ছোৱাত উজনিৰ পৰা নামনিলৈকে চৌদিশ হৈ পৰে উখল-মাখল। উৰুকা নিশাৰ ভোজৰ পৰা আৰম্ভ কৰি ভেলাঘৰৰ মেজিৰ জুইৰ উত্তাপেৰে প্ৰতিজন অসমীয়াই অতি আশাৰে মাঘ মাহক আদৰণি জনায়।

অসমৰ গাৱঁলীয়া সমাজৰ সমান্তৰালকৈ নগৰীয়া সমাজতো মাঘ বিহুক অতি উলহ মালহেৰে পালন কৰা হয়। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। শেহতীয়া কোৰোণাসৃষ্ট পৰিৱেশৰ বাবে থকা চৰকাৰী SOP মানি মহানগৰবাসীয়েও অতি ধুমধামেৰে আদৰিলে মাঘ মাহক। সকলোৰে আশা যে মাঘৰ মেজিৰ জুইৰ উত্তাপত সমাজৰ পৰা অসূয়া-অপ্ৰীতি নাশ হোৱাৰ লগতে নাইকিয়া হওঁক ক'ৰোণা নামৰ ব্যাধিবিধ।

আজি মাঘৰ প্ৰথমটো দিন। পহিলা মাঘৰ পুৱাই গুৱাহাটী মহানগৰীৰ আকাশ ছাঁনি ধৰিলে প্ৰচণ্ড শীত আৰু কুঁৱলীয়ে। মাঘৰ প্ৰথমটো দিনতেই মহানগৰৰ আকাশ ছানি ধৰা কুঁৱলীৰ পৰিৱেশে পুনৰ এবাৰ মোহাচ্ছন্ন কৰিলে মহানগৰবাসীক। ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো প্ৰকৃতিৰ এনেহেন মনোৰম স্পৰ্শক অনুভৱ কৰি যেন ধন্য হ'ল সকলো।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি