• Home
  • »
  • News
  • »
  • assam
  • »
  • মালিগাঁৱৰ স্বাগত হাস্পতালত ERCPৰ দুদিনীয় প্ৰশিক্ষণ সম্পন্ন, ভাগ লৈছিল মালদ্বীপৰ চিকিৎসকেও

মালিগাঁৱৰ স্বাগত হাস্পতালত ERCPৰ দুদিনীয় প্ৰশিক্ষণ সম্পন্ন, ভাগ লৈছিল মালদ্বীপৰ চিকিৎসকেও

দেশৰ প্ৰায় ৫০জন চিকিৎসকে আবেদন কৰিছিল যদিও প্ৰত্যেক ৰাজ্যৰ পৰা এজনকৈ চিকিৎসক বাছনি কৰা হয়।

দেশৰ প্ৰায় ৫০জন চিকিৎসকে আবেদন কৰিছিল যদিও প্ৰত্যেক ৰাজ্যৰ পৰা এজনকৈ চিকিৎসক বাছনি কৰা হয়।

দেশৰ প্ৰায় ৫০জন চিকিৎসকে আবেদন কৰিছিল যদিও প্ৰত্যেক ৰাজ্যৰ পৰা এজনকৈ চিকিৎসক বাছনি কৰা হয়।

  • Share this:

গুৱাহাটী মহানগৰীত সম্পন্ন হয় 1st International Endoscopic Retrograde Cholangiopancreatography (ERCP) E-learning and Hands on Training Course। মালিগাঁওস্থিত স্বাগত হাস্পতালৰ অধীনৰ স্বাগত একাডেমী অৱ মেডিকেল চায়েঞ্চৰ উদ্যোগত আয়োজিত এই দুদিনীয়া প্ৰশিক্ষণৰ আজি অন্ত পৰে।


উল্লেখ্য যে দেশৰ প্ৰায় ২৪খন ৰাজ্যৰ বিশেষজ্ঞ চিকিৎসকসকলে এই ERCPৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। আজি বিয়লি আয়োজিত সামৰণী অনুষ্ঠানত প্ৰশিক্ষণ সমাপ্ত কৰা চিকিৎসকসকলক বিশেষজ্ঞ চিকিৎসক সব্যসাচী পাটনায়ক আৰু ডাঃ অমৰজ্যোতি চৌধুৰীয়ে মানপত্ৰ প্ৰদান কৰে।


ERCP হ'ল এনে এবিধ অত্যাধুনিক চিকিৎসা ব্যৱস্থা, যাৰ জৰিয়তে মানৱ শৰীৰৰ লিভাৰ, গল্ডব্লাডাৰ আদিৰ আভ্যন্তৰীণ দিশসমূহৰ চিকিৎসা কৰা হয়।  স্বাগত হাস্পতালৰ মুখ্য চিকিৎসক অধ্যাপক ডাঃ সুভাষ খান্নাই জনোৱা অনুসৰি, বিগত বৰ্ষৰ পৰাই অনলাইনযোগে প্ৰশিক্ষণ দি থকা হৈছিল আৰু তেওঁলোকক ১৫ দিনৰ অন্তৰে অন্তৰে অনলাইনযোগে পাঠদান দিয়া হৈছিল।


এই অনলাইন প্ৰশিক্ষণৰ পাছতেই ২৩ আৰু ২৪ অক্টোবৰত প্ৰেকটিকেল প্ৰশিক্ষণ দিয়া হয়, য'ত তেওঁলোকে ১২টাকৈ অপাৰেচন প্ৰচিডিউৰত অংশ লয়। মন কৰিবলগীয়া কথা যে ডাঃ খান্নাৰ নেতৃত্বত ১৯৯৬ চনৰ পৰাই স্বাগত হাস্পতালত এই ERCP চিকিৎসা ব্যৱস্থাৰে ৰোগীৰ চিকিৎসা কৰি থকা হৈছে। জানিব পৰা মতে, ERCPৰ এই প্ৰশিক্ষণৰ বাবে দেশৰ প্ৰায় ৫০জন চিকিৎসকে আবেদন কৰিছিল যদিও প্ৰত্যেক ৰাজ্যৰ পৰা এজনকৈ আৰু মালদ্বীপৰ পৰা এজন চিকিৎসককহে অংশগ্ৰহণৰ সুবিধা দিয়া হয়।

Published by:Gautam Barman
First published: