• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত কোৰোণাত আক্ৰান্ত ৰোগীৰ মৃত্যু, মৃতদেহ চমজি লবলৈ অমান্তি পৰিয়ালৰ লোকৰ

হোজাইত কোৰোণাত আক্ৰান্ত ৰোগীৰ মৃত্যু, মৃতদেহ চমজি লবলৈ অমান্তি পৰিয়ালৰ লোকৰ

মৃত যুৱকজনৰ নাম আজগৰ হুছেইন লস্কৰ।

মৃত যুৱকজনৰ নাম আজগৰ হুছেইন লস্কৰ।

মৃত যুৱকজনৰ নাম আজগৰ হুছেইন লস্কৰ।

  • Share this:
হোজাইত মৃত্যু হ’ল প্ৰথম জন কোৰোণাত আক্ৰান্ত। মৃত যুৱকজনৰ নাম আজগৰ হুছেইন লস্কৰ। ঘৰ হোজাইৰ যমুনামুখ বালিৰাম গাঁৱত। এজন সহযোগীৰ সৈতে ৫জুনত মুম্বাইৰ পৰা বিমানযোগে গুৱাহাটীত আহি উপস্থিত হৈছিল আজগৰ।

৫ জুনত দুয়োজন যুৱককে সোণাপুৰ কোৱাৰেণ্টাইন চেন্টাৰত ৰখা হয়। ৮ জুনত আজগৰ হুছেইন লস্কৰৰ অৱস্থা গুৰুতৰ হোৱাত ৮ তাৰিখে তেওঁক GMCHত ভর্তি কৰে।  ৯ জুনত  ২৭ বছৰীয়া যুৱকজনৰ মৃত্যু ঘটে। বৰ্তমান যুৱকজনৰ মৃতদেহ পৰিয়ালে চমজি ল’বলৈ অমান্তি হৈছে।

পৰিয়ালৰ মতে, প্রশাসনে মৃত যুৱকজনক সমাধিস্থ কৰাৰ ব্যৱস্থা কৰিব লাগে। ইফালে মৃত আজগৰৰ আন গৰাকী সহযোগী আনোৱাৰ হুছেইন নামৰ যুৱক জন ৮জুনৰ পৰা নিজা ঘৰতে হোম কোৱাৰেণ্টাইন হৈ আছে। ইয়াকে লৈ এক প্ৰকাৰ অঞ্চলবাসী আতংকিত হৈ পৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি