৬বছৰত অসমৰ পৰা নিৰুদ্দেশ হৈছে ১লাখ বাংলাদেশী, উচ্চতম ন্যায়ালয়ত স্বীকাৰোক্তি অসম চৰকাৰৰ

৬টা বছৰত অসমৰ পৰা মাত্ৰ ৪ জন বিদেশী বিতাৰন কৰা হৈছে; কেন্দ্ৰ তথা ৰাজ্যৰ ঘোষিত বিদেশীক বিতাৰন কৰাৰ কোনো পৰিকল্পনাই নাই। অসম চৰকাৰৰ শপতনামাত প্রকাশ পালে এই বিস্ফোৰক তথ্য। 

news18assam
Updated:April 26, 2019, 3:39 PM IST
৬বছৰত অসমৰ পৰা নিৰুদ্দেশ হৈছে ১লাখ বাংলাদেশী, উচ্চতম ন্যায়ালয়ত স্বীকাৰোক্তি অসম চৰকাৰৰ
৬টা বছৰত অসমৰ পৰা মাত্ৰ ৪ জন বিদেশী বিতাৰন কৰা হৈছে; কেন্দ্ৰ তথা ৰাজ্যৰ ঘোষিত বিদেশীক বিতাৰন কৰাৰ কোনো পৰিকল্পনাই নাই। অসম চৰকাৰৰ শপতনামাত প্রকাশ পালে এই বিস্ফোৰক তথ্য। 
news18assam
Updated: April 26, 2019, 3:39 PM IST
অবৈধ বাংলাদেশী সমস্যা সমাধানৰ দিশত অসম চৰকাৰৰ বিফলতা তথা অক্ষমতাৰ কথা অকপটে স্বীকাৰ মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টাৰ। বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অসমৰ মুখ্য সচিবক তুলাধূনা দিয়াৰ পিছত মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালীয়ে এক সংবাদমেলত উদঙাই দিয়ে বাংলাদেশী সমস্যা সমাধানত অসম চৰকাৰৰ পুতৌজনক অৱস্থা। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানিত উপস্থিত আছিল ভৰালী । অসম চৰকাৰৰ প্ৰতিনিধি গৰাকীয়ে জনায়, ডিটেনচন কেম্পত বন্দী হৈ থকা ঘোষিত বিদেশীক চৰ্ত সাপেক্ষে মুকলি কৰাৰ প্ৰস্তাৱ দিছিল অসম চৰকাৰে । চৰকাৰৰ প্ৰস্তাৱত উচ্চতম ন্যায়ালয় খৰ্গহস্ত হোৱাৰ কথাও স্বীকাৰ শান্তনু ভৰালীৰ । অসম চৰকাৰে নিজৰ সীমিত ক্ষমতাৰে এই শপতনামা দিছিল বুলি মন্তব্য ভৰালীৰ।


আটাইতকৈ বিস্ফোৰক তথ্য অনুসৰি যোৱা ৬টা বছৰত অসমৰ পৰা মাথোঁ ৪ জন বিদেশী বিতাৰিত হৈছে বুলি উচ্চতম ন্যায়ালয়ত জনায় অসম চৰকাৰে। লগতে কেন্দ্ৰ তথা ৰাজ্যৰ ঘোষিত বিদেশীক বিতাৰিত কৰাৰ কোনো পৰিকল্পনা নাই। অসম চৰকাৰৰ শপতনামাতে প্রকাশ পাইছে এই বিস্ফোৰক তথ্য।



এই সন্দৰ্ভত চৰকাৰে উচ্চতম ন্যায়ালয়ত পুনৰ শপতনামা দাখিল কৰিব বুলিও কলে ভৰালীয়ে । শপতনামাত দিয়াৰ দৰেই যোৱা ৬টা বছৰত অসমত এক লক্ষৰো অধিক ঘোষিত বিদেশী নিৰুদ্দেশ হোৱাৰ কথাও স্বীকাৰ কৰিলে ভৰালীয়ে । ঘোষিত বিদেশীৰ অৱস্থিতি জনাৰ তথা গ্ৰেপ্তাৰ কৰাৰ কোনো ব্যৱস্থা অসম চৰকাৰৰ হাতত নথকাৰ কথাও স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টাগৰাকীয়ে।


আমি আশাবাদী উচ্চতম ন্যায়ালয়ে এই দিশত এক সঠিক পথ নিৰ্ধাৰণ কৰি দিব।
আৰু চাওক পৰৱৰ্তী বাতৰি