• Home
  • »
  • News
  • »
  • assam
  • »
  • Missing Workers | Arunachal Pradesh : ক'লৈ গ'ল অৰুণাচললৈ কাম কৰিবলৈ যোৱা অসমৰ ১৯ শ্ৰমিক? অসমৰ দুজন ঠিকাদাৰে প্ৰতাৰণা কৰাৰ অভিযোগ সতীৰ্থ শ্ৰমিকৰ

Missing Workers | Arunachal Pradesh : ক'লৈ গ'ল অৰুণাচললৈ কাম কৰিবলৈ যোৱা অসমৰ ১৯ শ্ৰমিক? অসমৰ দুজন ঠিকাদাৰে প্ৰতাৰণা কৰাৰ অভিযোগ সতীৰ্থ শ্ৰমিকৰ

 উপ ঠিকাদাৰ ৰহমান আলী আৰু আব্দুল কুদ্দুছে শ্ৰমিককেইজনক অসমৰ পৰা আনিছিল আৰু মূল ঠিকাদাৰৰ পৰা লৈছিল ৪.৫ লাখ টকা

উপ ঠিকাদাৰ ৰহমান আলী আৰু আব্দুল কুদ্দুছে শ্ৰমিককেইজনক অসমৰ পৰা আনিছিল আৰু মূল ঠিকাদাৰৰ পৰা লৈছিল ৪.৫ লাখ টকা

উপ ঠিকাদাৰ ৰহমান আলী আৰু আব্দুল কুদ্দুছে শ্ৰমিককেইজনক অসমৰ পৰা আনিছিল আৰু মূল ঠিকাদাৰৰ পৰা লৈছিল ৪.৫ লাখ টকা

  • Share this:
অসমৰ পৰা আহি অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাত (Kurung Kumey) নিখোজ হোৱা ১৯জন অসমৰ লোকৰ সতীৰ্থসকলৰ সৈতে NEWS18ৰ সাংবাদিকে পতা কথা–বতৰাত সতীৰ্থসকলে জনাই যে তেওঁলোকে প্ৰায় ২০ জনীয়া দল এটাই কামৰ সন্ধানত অৰুণাচললৈ বুলি আহিছিল। বান্দৰদেৱাৰ পৰা ৰহমান আলী নামৰ এজন ঠিকাদাৰে তেওঁলোকক ইটানগৰত লৈ আনি ৪ জুনত ইটানগৰত ৰাতি ৰখাই ৬ তাৰিখে কুৰুং কুমে অভিমুখে আনিছিল। 

তেওঁলোকে তাত থকা আন এটি অসমৰ দলৰ লগত ৭ তাৰিখৰ পৰা কাম আৰম্ভ কৰিছিল । দলটোৰ নেতৃত্বত ঠিকাদাৰ ৰহমান আলী আৰু আব্দুল কুদ্দুচ নামৰ দুজন লোকে দিছিল ।

কোকৰাঝাৰৰ পৰা কাম কৰিবলৈ অহা এজন শ্ৰমিকে জনাই যে নিখোজ হোৱা ১৯ জন লোকৰ ভিতৰত ২০ জনীয়া দলটোৰ পৰা ১৪জন লোক পলাই যায়। আনহাতে আব্দুলৰ দলৰ পৰা ৫জন লোক পলাই যায়।

ঈদৰ বাবে ঘৰলৈ আহিবলৈ পইচাৰ দৰকাৰ হোৱাত শ্ৰমিককেইজনে মালিকক খুজিছিল যদিও তেওঁ যাতায়াত ব্যৱস্থা সুচল হ'লে পইচা দিম বুলি কৈছিল। কিন্তু সতীৰ্থসকলে তাৰ বাবে বাট নাচাই আগতে সেই স্থানৰ পৰা পলায়ন কৰিছিল । লগতে তেওঁ জনাই যে ৰাতি ভাত খাই শুবলৈ লওঁতে সন্ধানহীন লোকসকলে নিজৰ মাজতে কিবা আলোচনা কৰিছিল আৰু ১১.৩০-১২ ৰ ভিতৰত  তাৰ পৰা পলাই গৈছিল।



কুৰুং কুমে আৰক্ষী অধীক্ষক অভিমন্যু পোছৱালে (ABHIMANYU POSWAL, IPS) NEWS18 ৰ আগত জনাই যে শ্ৰমিককেইজনৰ নিৰুদ্দেশৰ অভিযোগ ঠিকাদাৰ বেংগীয়া বাডোৰ (main contractor Bengia Bado) পৰা লিখিত ৰূপত লাভ কৰিছিল। ঠিকাদাৰজনে SPক কোৱা মতে যোৱা ৬ জুনত দুজন উপ ঠিকাদাৰ (Sub Contractor) ৰহমান আলী আৰু আব্দুল কুদ্দুছে শ্ৰমিককেইজনক অসমৰ পৰা আনিছিল আৰু শ্ৰমিককেইজনৰ দৰমহা আৰু সা–সুবিধা দিয়াৰ বাবে তেওঁলোকে ৪.৫ লাখ টকা লৈছিল। কিন্তু ঠিকাদাৰৰ পৰা পইচা লোৱাৰ কিছুদিন পিছতে গাঁৱত সম্পৰ্কীয় ককায়েকৰ অন্ত্যেষ্টিক্ৰিয়াৰ অজুহাতত মজুৰি আৰু মৌলিক সুবিধা প্ৰদান নকৰাকৈ অসমলৈ ঘূৰি গৈছিল।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে বিষয়টোৰ তদন্ত কৰিবলৈ ইতিমধ্যে আৰক্ষীৰ এটা দল নিৰ্মাণস্থলীলৈ পঠিওৱা হৈছে, যিটো মুখ্য কাৰ্যালয় ক’ল’ৰিয়াঙৰ পৰা প্ৰায় ১২৬ কিলোমিটাৰ দূৰত অৱস্থিত।

প্ৰাথমিক তদন্ত অনুসৰি দেখা গৈছে যে ৫ জুলাইত গভীৰ নিশা ১৯ জন শ্ৰমিকে (19 workers from Assam) কাকো অৱগত নকৰাকৈ নিৰ্মাণস্থলীৰ পৰা ওলাই গৈছিল আৰু এতিয়াও কোনো তথ্য লাভ কৰা নাই। ইয়াৰ উপৰি জানিব পৰা গৈছে যে যাতায়াতৰ সুবিধা নোহোৱাৰ বাবে আৰু নেটৱৰ্কৰ সমস্যাৰ বাবে শ্ৰমিকসকলে নিৰ্মাণ স্থানত কাম কৰিবলৈ ইচ্ছুক নাছিল, অৱশ্যে শ্ৰমিক নিৰুদ্দেশ হোৱাৰ সুনিৰ্দিষ্ট কাৰণ এতিয়াও নিৰ্ণয় কৰা হোৱা নাই বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়।

আৰক্ষীয়ে বিষয়টোৰ ওপৰত অক্লান্তভাৱে কাম কৰি আছে, আৰু  ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) ক সহায়ৰ বাবে আহ্বান কৰা হৈছে, যাতে শ্ৰমিকসকলৰ অৱস্থান বিচাৰি উলিয়াব পৰা যায় ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি