• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটাত কোৰোণাৰ গণ সংক্ৰমণ! পুনৰ ১৯জনৰ দেহত কোভিড পজিটিভ চিনাক্ত

বৰপেটাত কোৰোণাৰ গণ সংক্ৰমণ! পুনৰ ১৯জনৰ দেহত কোভিড পজিটিভ চিনাক্ত

এইবাৰ বৰপেটাত সেনা জোৱান আক্ৰান্ত কোৰোণাত৷ বৰপেটাৰ গণককুছিৰ নৱম জাট ৰেজিমেণ্টৰ ৯জন সেনা জোৱান কোৰোণাত আক্ৰান্ত হৈছে।

এইবাৰ বৰপেটাত সেনা জোৱান আক্ৰান্ত কোৰোণাত৷ বৰপেটাৰ গণককুছিৰ নৱম জাট ৰেজিমেণ্টৰ ৯জন সেনা জোৱান কোৰোণাত আক্ৰান্ত হৈছে।

এইবাৰ বৰপেটাত সেনা জোৱান আক্ৰান্ত কোৰোণাত৷ বৰপেটাৰ গণককুছিৰ নৱম জাট ৰেজিমেণ্টৰ ৯জন সেনা জোৱান কোৰোণাত আক্ৰান্ত হৈছে।

  • Share this:
বৰপেটা জিলাতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। বৰপেটাত পুনৰ ১৯জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। এইবাৰ বৰপেটাত সেনা জোৱান আক্ৰান্ত কোৰোণাত৷ বৰপেটাৰ গণককুছিৰ নৱম জাট ৰেজিমেণ্টৰ ৯জন সেনা জোৱান কোৰোণাত আক্ৰান্ত হৈছে। কোৰোণাত আক্ৰান্ত সেনা জোৱানকেইজন সম্প্ৰতি মুছলপুৰত কৰ্তব্যত  নিয়োজিত হৈ আছে৷

ইপিনে, বৰপেটাৰ পাঠশালাত অৱস্থিত অতিৰিক্ত সত্ৰ আৰু ন্যায়িক দণ্ডাধীশ আদালতৰ দুই কৰ্মচাৰী সুৰজিৎ কলিতা আৰু ৰাজুৰাম ডেকাও কোৰোণাত আক্ৰান্ত হৈছে৷ বৰপেটাৰ সমীপৰ কেওঁটকুছিৰ বিকি ভৰালী আক্ৰান্ত কোৰোণাত৷ এসপ্তাহ পূৰ্বে গুৱাহাটীৰ পৰা অহা বিকি ভৰালী হোম কোৱাৰেণ্টাইনত আছিল৷

কলগাছিয়াস্থিত বৰপেটা চিভিল হাস্পতালৰ নাৰ্ছ স্মৃতিলতা নাথ আৰু স্বাস্থ্যকৰ্মী আবু ছহিদ আক্ৰান্ত হৈছে কোৰোণাত। স্বাস্থ্য কৰ্মীগৰাকীৰ ঘৰ কামৰূপ জিলাৰ দামপুৰত আৰু তেওঁ হোম কোৱাৰেণ্টাই হৈ আছিল৷ স্মৃতিলতা নাথ নামৰ নাৰ্ছগৰাকীৰ ঘৰ সৰভোগত৷

সৰভোগৰ চেঙুলীয়াৰ আন্না খাতুন নামৰ এগৰাকী মহিলাৰ শৰীৰতো পোৱা গৈছে কোভিড পজিটিভ৷ আনহাতে, জিলাখনত আৰক্ষীৰ দেহতো অব্যাহত আছে সংক্ৰমণ৷ কলগাছিয়া থানাৰ অধীনৰ বালিকুৰি আৰক্ষী চকীৰ দুই গৃহৰক্ষী জোৱান আবু বক্কৰ ছিদ্দিক আৰু আয়ুবৰ ৰহমানৰ দেহত কোভিড পজিটিভ চিনাক্ত হৈছে৷

বৰপেটাৰোড চহৰৰ কলহভাঙাৰ এজন যুৱকো আক্ৰান্ত হৈছে এই মহামাৰীত। দিল্লীত গাড়ী চালক হিচাপে কৰ্মৰত যুৱকজন কিছুদিন পূৰ্বে ৰে’লযোগে নিজ ঘৰলৈ অহাৰ পিছতে আছিল হোম কোৱাৰেণ্টাইনত৷

ইপিনে সৰ্থেবাৰী নামশলাৰ নৱ কুমাৰ ভূঞা নামৰ এজন লোকো আক্ৰান্ত হৈছে কোৰোণাত৷ গুৱাহাটী চৰকাৰী ছপাশালৰ কৰ্মচাৰী নৱ কুমাৰ ডেকা গুৱাহাটীৰ পৰা ঘৰলৈ অহাৰ পিছতে জ্বৰত আক্ৰান্ত হৈছিল। বৰপেটাত ক্ৰমাৎ বৃদ্ধি পোৱা কোৰোণা আক্ৰান্তৰ সংখ্যাই আতংকৰ সৃষ্টি কৰিছে জিলাখনত।
First published: