শেহতীয়া খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ ডামিন চক্ৰত সন্ধানহীন সীমান্ত পথ সংস্থাৰ ১৯ জন শ্ৰমিকৰ ভিতৰত ৪ জন শ্ৰমিকৰ সন্ধান পোৱা গৈছে। কুৰুং কুমেই (Kurung Kumey) জিলাৰ পৰা ৫ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল শ্ৰমিককেইজন।
এক গোপন সূত্ৰই জনোৱা মতে, শ্ৰমিক কেইজনক যথেষ্ট ভাগৰুৱা অৱস্হাত উদ্ধাৰ কৰা হৈছে। সূত্ৰটোৱে জনোৱা মতে, নিখোজ হোৱাৰ পিছতে শ্ৰমিকৰ দলটো দুটা দলত বিভক্ত হৈ পৰিছিল এটা গ্ৰুপত থকা ৮ জন শ্ৰমিকৰ ভিতৰত আজি ৪ জন শ্ৰমিক BRO শিবিৰত উপস্থিত হয়। গোটটোৰ আন ৪ জন শ্ৰমিক অঞ্চলটোৰ ডাঠ হাবিৰ মাজত থকা বুলি সন্দেহ কৰা হৈছে, অঞ্চলটো অতিকে দুৰ্গম বাবে তেওঁলোকে ৰাস্তা হেৰুওৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। প্ৰাপ্ত খবৰ অনুসৰি গাঁওবাসীয়ে যোগাযোগ কৰি পুনৰ বি আৰ অ’ শিবিৰলৈ অনাৰ চেষ্টা চলাই আছে (19 Workers Missing in Arunachal Pradesh)।