মুখ্যপৃষ্ঠা »খবৰ »অসম »বজ্ৰপাতৰ ফলতেই মৃত্যু হৈছিল নে ১৮টাকৈ বনৰীয়া হাতীৰ? বিশেষজ্ঞৰ প্ৰতিবেদনত প্ৰকাশ সকলো তথ্য়

বজ্ৰপাতৰ ফলতেই মৃত্যু হৈছিল নে ১৮টাকৈ বনৰীয়া হাতীৰ? বিশেষজ্ঞৰ প্ৰতিবেদনত প্ৰকাশ সকলো তথ্য়

১৩ মে'ত ধৰা পৰা হাতীৰ মৃতদেহৰ বিতং অধ্যয়নত মৃত্যুৰ সময় ১১ মে'ৰ শেষ নিশাৰ পৰা ১২ মে'ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছিল।

১৩ মে'ত ধৰা পৰা হাতীৰ মৃতদেহৰ বিতং অধ্যয়নত মৃত্যুৰ সময় ১১ মে'ৰ শেষ নিশাৰ পৰা ১২ মে'ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছিল।

১৩ মে'ত ধৰা পৰা হাতীৰ মৃতদেহৰ বিতং অধ্যয়নত মৃত্যুৰ সময় ১১ মে'ৰ শেষ নিশাৰ পৰা ১২ মে'ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছিল।

  • Share this:
নগাঁও জিলাত মৃত অৱস্থাত উদ্ধাৰ হোৱা ১৮টাকৈ বনৰীয়া হাতী বজ্ৰপাতৰ ফলতেই মৃত্যু হৈছিল। মৰণোত্তৰ পৰীক্ষাত নিশ্চিত কৰা হৈছে এই কথা। ফৰেনছিক, টক্সিকোলজী আৰু বতৰ বিজ্ঞানৰ দৰে আন বিভিন্ন পৰীক্ষামূলক প্ৰতিবেদনেও হাতীকেইটা ব্ৰজপাতৰ ফলতেই মৃত্যু হোৱা বুলি উল্লেখ কৰিছিল।

১৮টাকৈ মৃত হাতীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ গঠন কৰা বিশেষজ্ঞৰ ছয় জনীয়া দলটোৱে ঘটনাৰ ১৫ দিন পিছত অৰ্থাৎ ২৭ মে'ত অসম চৰকাৰৰ বন বিভাগক তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদন বিশেষজ্ঞৰ দলটোৱে স্পষ্টকৈ উল্লেখ কৰিছে যে কণ্ডোলি পাহাৰত মৃত অৱস্থাত পোৱা ১৮টা হাতীৰ বজ্ৰপাতৰ ফলতেই মৃত্যু হৈছে। পিটিআইৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই তথ্য়।

দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰিস্থিতিজনিত প্ৰমাণ, মুঠ আৰু হিষ্টোপেথলজিকেল ঘাঁৰ অধ্যয়ন, পৰীক্ষাগাৰৰ প্ৰতিবেদন আৰু সেই সময়ছোৱাত বিৰাজ কৰা বতৰৰ ওপৰত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে বিশেষজ্ঞৰ দলটোৱে।

ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ প্ৰতিবেদনত কোৱা হৈছে যে মৃত হাতীৰ ভিতৰত "কোনো বিষাক্ত আৰু ইয়াৰ কোনো বিপাক ধৰা পৰা নাছিল।" ইপিনে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ৰোগ বিজ্ঞান বিভাগে ইয়াৰ হিষ্টোপেথলজী প্ৰতিবেদনত কৈছিল যে "ঘাঁবোৰে উচ্চ ভল্টেজৰ বিদ্যুতৰ ফলত হোৱা আঘাতৰ ইংগিত দিছে।’’

১৩ মে'ত ধৰা পৰা হাতীৰ মৃতদেহৰ বিতং অধ্যয়নত মৃত্যুৰ সময় ১১ মে'ৰ শেষ নিশাৰ পৰা ১২ মে'ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছিল। হাতীৰ জাকটোত ৮টা মতা আৰু ১০জনী মাইকী হাতী আৰু ৫টা পোৱালি আছিল।

লক্ষ্যণীয় যে, প্ৰকৃতি সংৰক্ষক ভাস্কৰ জে বৰুৱা আৰু পৰিৱেশবিদ সৌম্যদীপ দত্ত সেইসকল পৰিৱেশ কৰ্মীৰ ভিতৰত আছিল, যিয়ে বজ্ৰপাত তত্ত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মুকলি কৰাত পলম হোৱাৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

"বন বিভাগে কিছুমান অনাকাংক্ষিত সত্য লুকুৱাবলৈ চেষ্টা কৰিছে নেকি? যিবোৰ সঠিক অনুসন্ধানৰ দ্বাৰা পোহৰলৈ আহিব পাৰে? হাতীৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ কিমান সময় লাগে আৰু প্ৰতিবেদনটো সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগে?" বুলি ফেচবুকত কৈছিল বৰুৱাই।

শেহতীয়া বাতৰি