ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰাবাসৰ পৰা ১৮জন ছাত্ৰক বহিষ্কাৰ। ৰেগিং কাণ্ডৰ মূল অভিযুক্ত প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰীক বিশ্ববিদ্যালয়ত অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ নিষেধ কৰা হৈছে। ৱাৰ্ডেনলৈও জাননী জাৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ। মূল অভিযুক্ত ৰাহুল ছেত্ৰী এতিয়াও পলাতক হৈ আছে।
উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। তিনিজনকৈ ছাত্র ৰেগিঙৰ বলি হৈছিল আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আনন্দ শৰ্মা নামৰ ছাত্রজন। ৰেগিঙৰ নামত ছাত্ৰজনক অকথ্য নিৰ্যাতন চলাইছিল একাংশই।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰজন। ৰাজহাঁড় আৰু মূৰত আঘাত পাইছে ছাত্রজনে। সংকটজনক অৱস্থাত আদিত্য হাস্পতালত ভৰ্তি কৰোৱা হয় ছাত্ৰজনক। আনন্দ শৰ্মাৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত। বাণিজ্য বিভাগৰ প্ৰথম ছেমিষ্টাৰৰ ছাত্র আনন্দ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|