NFRৰ উদ্যোগত ইতিমধ্যে আৰম্ভ কৰা হৈছে আৱদ্ধ যাত্ৰীৰ উদ্ধাৰ অভিযান। বায়ু সেনাৰ সহযোগত চলিছে উদ্ধাৰ অভিযান।
NFRৰ উদ্যোগত ইতিমধ্যে আৰম্ভ কৰা হৈছে আৱদ্ধ যাত্ৰীৰ উদ্ধাৰ অভিযান। বায়ু সেনাৰ সহযোগত চলিছে উদ্ধাৰ অভিযান।
নেৰানেপেৰা বৰষুণৰ বাবে উত্তৰ-পূবৰ কেইবাঠাইতো ব্যাহত ৰে'ল সেৱা। লামডিঙৰ পৰা বদৰপুৰ অঞ্চলৰ বিভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত পাহাৰীয়া অঞ্চলৰ ২৬টাকৈ স্থানত বিস্তৰ ক্ষতিসাধন। সম্পূৰ্ণৰূপে খহি গৈছে ৰে'ল লাইনৰ তলৰ ভূমি। ফলত সেই স্থানসমূহত সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে ৰে'ল সেৱা।
দুখনকৈ ৰে'ল ক্ষতিগ্ৰস্ত এলেকাত আৱদ্ধ হৈ পৰিছে। ডিটকচেৰা আৰু নিউ হাফলঙত আৱদ্ধ দুখন ৰে'ল। আৱদ্ধ ৰে'লকেইখন ক্ৰমে গুৱাহাটী-শিলচৰ পেচেঞ্জাৰ আৰু শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ।
NFRৰ উদ্যোগত ইতিমধ্যে আৰম্ভ কৰা হৈছে আৱদ্ধ যাত্ৰীৰ উদ্ধাৰ অভিযান। বায়ু সেনাৰ সহযোগত চলিছে উদ্ধাৰ অভিযান। নিউ হাফলঙত আৱদ্ধ যাত্ৰীৰ বাবে এখন বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে। লগতে চাৰিখনকৈ বাছৰ ব্যৱস্থা কৰা হৈছে।
বৰ্তমানলৈ ১৭খনকৈ ৰে'ল বাতিল কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই। আৰু অধিক ৰে'ল বাতিল কৰাৰ সম্ভাৱনা আছে। এই কথা জনালে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|