বৰ্তমান সময়ত দেশৰ দিল্লী, মহাৰাষ্ট্ৰসহ কেইবাখনো ৰাজ্যত আতংকৰ সৃষ্টি কৰিছে বাৰ্ড ফ্লু ভাইৰাছে। ইতিমধ্যে বাৰ্ড ফ্লু প্ৰতিৰোধৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ সকলো জিলাত সতৰ্কতা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। এনে পৰিস্থিতিত অসম–বংগ সীমান্তৱৰ্তী গোসাঁইগাঁৱত বাৰ্ড ফ্লু ভাইৰাছৰ আতংকই আতংকিত কৰি তুলিছে সাধাৰণ ৰাইজক। আতংকৰ কেন্দ্ৰবিন্দু পশ্চিম বংগৰ কোচবিহাৰ আৰু আলিপুৰদুৱাৰ জিলাৰ পৰা অহা ব্ৰয়লাৰ মুৰ্গীভৰ্তি গাড়ী।
উল্লেখযোগ্য যে ইতিমধ্যে অসমকে ধৰি ভাৰতৰ বহুকেইখন ৰাজ্যত ব্ৰয়লাৰ মুৰ্গী বহিঃৰাজ্যৰ পৰা আমদানি কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। কিন্তু এটা দুষ্ট চক্ৰ বহিঃৰাজ্যৰ পৰা ব্ৰয়লাৰ মুৰ্গী আমদানি বা ৰপ্তানি অব্যাহত ৰাখিছে। চৰকাৰী নিৰ্দেশনাক ভ্ৰূক্ষেপ কৰা নাই দুষ্ট চক্ৰটোৱে। দেওবাৰে পুৱতিনিশা পশ্চিম বংগৰ কোচবিহাৰৰ পৰা ১৭খনকৈ ব্ৰয়লাৰভৰ্তি বলেৰ’ পিক আপ ভেন অসম–বংগ সীমান্তৰ চোৰাং পথেৰে অসমত সোমোৱাৰ খবৰ লাভ কৰে গোসাঁইগাঁও আৰক্ষীয়ে। লগে লগেই গোসাঁইগাঁও থানাৰ উপ–পৰিদৰ্শকক জয়ন্ত কুমাৰ দাসে অভিযান চলাই গোসাঁইগাঁৱৰ কদমগুৰি অঞ্চলত ১৭খনকৈ ব্ৰয়লাৰ মুৰ্গীভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে, গোসাঁইগাঁও আৰক্ষীয়ে ব্ৰয়লাৰ মুৰ্গীৰ গাড়ীসমূহ পশুপালন বিভাগক গতাই দিয়ে। গোসাঁইগাঁও মহকুমা পশু পালন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া তাৰিণীকান্ত কলিতাই জানিবলৈ দিয়া মতে, জব্দ কৰা ব্ৰয়লাৰ মুৰ্গীৰ বজাৰ মূল্য হ’ব ৫০ লাখ টকা। অসম চৰকাৰে বাৰ্ড ফ্লু ভাইৰাছ বিয়োপাৰ আশংকাত ইতিমধ্যে বহিঃৰাজ্যৰ পৰা ব্ৰয়লাৰ মুৰ্গীৰ আমদানি অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। কিন্তু চৰকাৰৰ নিৰ্দেশ নামানি অসমৰ লগতে বহিঃৰাজ্যত ব্ৰয়লাৰ সৰবৰাহ বন্ধ থকাৰ পিছতো এটা চক্ৰই গোপনে ব্ৰয়লাৰ সৰবৰাহ কৰি আহিছে।
তদুপৰি অসম–বংগ সীমান্তৱৰ্তী কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ গাঁও অঞ্চলসমূহত বৰ্তমান পশুপালকে পালন কৰি অহা হাঁহ, মুৰ্গী বেমাৰত মৃত্যু হৈ আছে। গাঁও অঞ্চলৰ মানুহেও বাৰ্ড ফ্লু ভাইৰাছৰ আতংকত ভুগিছে।
পশু পালন বিষয়া কলিতাই কয়, অসমত প্ৰতিপালন কৰা ব্ৰয়লাৰ মুৰ্গীৰ ক্ষেত্ৰত কোনো চৰকাৰী নিষেধাজ্ঞা নাই। কিন্তু ব্ৰয়লাৰ চিকেন ৭০° ছেলচিয়াচতকৈ বেছি গৰম পানীত সিজাই খাব লাগে। তেনেহ’লে বাৰ্ড ফ্লু ভাইৰাছ থাকিলেও সেয়া নষ্ট হৈ যায়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 18, 2021, 17:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।