৭ এপ্ৰিলত হাস্পতালত নিয়মমতে কৰা হৈছিল কোৱাৰানটাইন।
৭ এপ্ৰিলত হাস্পতালত নিয়মমতে কৰা হৈছিল কোৱাৰানটাইন।
বঙাইগাঁও জিলাত প্ৰথমগৰাকী কোৰোণা আক্ৰান্ত চিনাক্ত হৈছে। ১৬বছৰীয়া আক্ৰান্তগৰাকী চাপৰৰ কোৰোণা আক্ৰান্ত জামাল উদ্দিনৰ নাতিনী। যোৱা ৭ এপ্ৰিলত মাণিকপুৰৰ লুংজাৰ গাৱঁৰ একেটা পৰিয়ালৰ ৬ গৰাকী সদস্যক কোৰানটাইন কৰা হৈছিল বঙাইগাওঁ চিকিৎসালয়ত। পৰিয়ালটোৰ ৫ জন সদস্য গৈছিল ধুবুৰীৰ চাপৰৰ কোৰোণা আক্ৰান্ত জামাল উদ্দিনৰ ঘৰলৈ।
লুংজাৰ (শালমাৰা) গাঁৱৰ মালেকা খাতুনৰ পিতৃ চাপৰ গাঁৱৰ জামাল উদ্দিনক কোৰোণা পজিটিভ পোৱা গৈছিল।
কোৰোণা আক্ৰান্ত ব্যক্তিজনৰ সংস্পৰ্শলৈ অহাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ক্ৰমে আমিৰ হুছেইন (৪৮), পত্নী মালেকা খাতুন (৩৮), সন্তান ক্ৰমে আফিয়া তাবাটচুন (১৬), আবিদা খাতুন (১৩), হবিবৰ ৰহমান (১০) খাদিজা বেগম( ৬)
সম্প্ৰতি নিজ গৃহত কোৱাৰান্টাইন হৈ আছে পৰিয়ালটো। লক্ষ্যণীয় যে কোৰোণা আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ ২১দিন পিছতহে ১৬ বছৰীয়া আফিয়া তাবাটচুনৰ শৰীৰত পোৱা গৈছে Covid-19 ৰ উপস্থিতি।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|