চাহাবুদ্দিন নামৰ আন এজন চৰকাৰী গাঁওবুঢ়াৰ লগতে আন কেইবাজন লোকে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।
চাহাবুদ্দিন নামৰ আন এজন চৰকাৰী গাঁওবুঢ়াৰ লগতে আন কেইবাজন লোকে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে নগাঁৱতো তীব্ৰতৰ হৈছে দালাল বিৰোধী অভিযান। নগাঁও আৰক্ষীয়ে নিশা নগাঁৱৰ জুৰীয়া, ৰূপহী, চামগুৰিত অভিযান চলাই মাটিৰ দালালিত জড়িত থকা অভিযোগত ১৬জনকৈ লোকক আটক কৰিছে। আৰক্ষীয়ে নজৰুল ইছলাম, ৰমজান নুৰ, অজয় সাহা, ৰঞ্জিত বৰা, ৰাণা বৰা আৰু আব্দুল মালেকৰ লগতে সৰ্বমুঠ ১৬জন লোকক আটক কৰিছে। আটক হোৱা লোকসকলৰ মাজত দুজন চৰকাৰী গাঁওবুঢ়াও আছে। ইপিনে, চাহাবুদ্দিন নামৰ আন এজন চৰকাৰী গাঁওবুঢ়াৰ লগতে আন কেইবাজন লোকে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) মানস শইকীয়া, উপ–আৰক্ষী অধীক্ষক (বিশেষ শাখা) দিপ্তী মালি আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত আৰক্ষীৰ কেইবাটাও দলে বৰ্তমানো অভিযান চলায় আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|