মুখ্যপৃষ্ঠা »খবৰ »অসম »Ritu Bora Missing : দয়া কৰি মোৰ ল'ৰাটোৰ সন্ধান দিয়ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাৰ এই কাতৰ আহ্বান?

Ritu Bora Missing : দয়া কৰি মোৰ ল'ৰাটোৰ সন্ধান দিয়ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাৰ এই কাতৰ আহ্বান?

৪ জুনৰ পৰা নিৰুদ্দিষ্ট হৈ থকা জোৱান গৰাকীৰ ইনছাছ ৰাইফলটো কৰ্মস্থলীৰ নাতিদূৰৈত ২০ জাঁই সজীৱ গুলীসহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৮ দিনেও সন্ধান উলিয়াব পৰা নাই জোৱানজনৰ।

  • Share this:
পশ্চিম কাৰ্বি আংলঙৰ হাতীডুবিস্থিত কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ১৬ আই আৰ বি এন (16 IRBN)ৰ জোৱান ঋতু বৰাৰ আজিও সন্ধান নোলোৱা ঘটনাই অধিক উদ্বিগ্ন কৰিছে পৰিয়ালৰ লোকক। এই সন্দৰ্ভত নিখোজ হৈ থকা জোৱান ঋতু বৰাৰ পিতৃয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ হাতযোৰ কৰি আহ্বান জনালে পুত্ৰৰ সন্ধান দিবলৈ।

ঋতু বৰাৰ পিতৃয়ে কয়, "মই আজিও আৰক্ষী তথা বিভাগৰ উচ্চ পদস্থ বিষয়াৰ পৰা সদউত্তৰ পোৱা নাই। আনকি ঋতু বৰা কৰ্মৰত অৱস্থাতেই নিখোজ হোৱা ঘটনা সন্দৰ্ভত বিভাগে মোক জনোৱা নাই। আজি ছমাহ পুৰ্বে আইনী বিবাহ সম্পন্ন হোৱা ঋতুৰ পত্নীক কোনোবা এজন সহকৰ্মী জোৱানে জনোৱাতহে তেওঁলোকৰ জড়িয়তে খবৰটো লাভ কৰিছোঁ। এতিয়া  আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘুৰিও কোনো উত্তৰ পোৱা নাই। সেয়ে ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিবা এটা কৰক। আপোনাৰ ওপৰতে আমাৰ ভৰষা। মোৰ পুত্ৰৰ সন্ধান দিয়ক।"

উল্লেখ্য যে যোৰহাটৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত মেলেং লহকৰ গাঁৱৰ ফণিধৰ বৰাৰ পুত্ৰ ঋতু বৰাই ২০০৯ চনত ১৬ আই আৰ বি এনত যোগদান কৰিছিল আৰু যোৱা দুবছৰে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত হৈ আছিল। যোৱা ৪ জুনৰ পৰা নিৰুদ্দিষ্ট হৈ থকা জোৱান গৰাকীৰ ইনছাছ ৰাইফলটো কৰ্মস্থলীৰ নাতিদূৰৈত ২০ জাঁই সজীৱ গুলীসহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৮ দিনেও সন্ধান উলিয়াব পৰা নাই জোৱানজনৰ।

এই ঘটনাক সহজভাৱে লব পৰা নাই ঋতু বৰাৰ ভাতৃয়েও। তেওঁ ক'লে, "আমাৰ দাদাক সোঁশৰীৰে আমাৰ হাতত দিয়ক।" ঘটনা সন্দৰ্ভত ঋতু বৰাৰ পিতৃয়ে ইতিমধ্যে লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

শেহতীয়া বাতৰি