১৫৭ বছৰীয়া অবিভক্ত দৰং জিলাৰ প্ৰথমখন দুৰ্গা পূজা, কি বিশেষত্ব এই পূজাৰ?

News18 Assam | News18-Assam
Updated:October 22, 2020, 12:36 PM IST
১৫৭ বছৰীয়া অবিভক্ত দৰং জিলাৰ প্ৰথমখন দুৰ্গা পূজা, কি বিশেষত্ব এই পূজাৰ?
১৫৭ বছৰে কেৱল আধ্যাত্মিক ধ্যান-ধাৰণাক গুৰুত্ব দি আহিছে মুখাৰ্জী পৰিয়ালে৷ জাক–জমকতা পৰিহাৰ কৰি আয়োজন কৰা হয় এই পূজাভাগ।

১৫৭ বছৰে কেৱল আধ্যাত্মিক ধ্যান-ধাৰণাক গুৰুত্ব দি আহিছে মুখাৰ্জী পৰিয়ালে৷ জাক–জমকতা পৰিহাৰ কৰি আয়োজন কৰা হয় এই পূজাভাগ।

  • Share this:
অবিভক্ত দৰং জিলাৰ প্ৰথমখন দুৰ্গাপূজা ১৮৬৩ চনত অনুষ্ঠিত কৰিছিল তেজপুৰৰ বিখ্যাত মহেশ নাজিৰে আৰু পিছলৈ নাজিৰৰ ভাগিন জানকীনাথ মুখাৰ্জীয়ে ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠিত কৰা পূজা বৰ্তমান চাৰিপুৰুষ ধৰি মুখাৰ্জী পৰিয়ালে অনুষ্ঠিত কৰি আহিছে৷

লক্ষ্যণীয় কথাটো হ'ল, ১৫৭ বছৰে কেৱল আধ্যাত্মিক ধ্যান-ধাৰণাক গুৰুত্ব দি আহিছে মুখাৰ্জী পৰিয়ালে৷ জাক–জমকতা পৰিহাৰ কৰি আয়োজন কৰা হয় এই পূজাভাগ। মুখাৰ্জী পৰিয়াল তথা মুখাৰ্জীবাড়ীৰ পূজাৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ'ল - দেৱী প্ৰতিষ্ঠা আৰু বিসৰ্জনৰ সময়ত দেৱীক কান্ধত তুলি অনাটো৷

ব্যতিক্ৰম নহয় আজিও৷ আজি ষষ্ঠীৰ দেৱী প্ৰতিষ্ঠাৰ দিনটোতো এনেদৰে মুখাৰ্জী পৰিয়ালৰ পূজা বেদীলৈ দেৱী দুৰ্গাক কান্ধত তুলি অনা হয়৷ কোভিড প্ৰটকল মানি এইবেলি অনুষ্ঠিত হ’ব এই পূজা।
Published by: Sanjay Kumar Das
First published: October 22, 2020, 12:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading