• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণাতংকঃ নিজামুদ্দিনলৈ যোৱা ১৫২ জন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী

কোৰোণাতংকঃ নিজামুদ্দিনলৈ যোৱা ১৫২ জন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী

নিজামুদ্দিনলৈ যোৱা সকলক বিশেষ অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নিজামুদ্দিনলৈ যোৱা সকলক বিশেষ অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নিজামুদ্দিনলৈ যোৱা সকলক বিশেষ অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। আজিৰ দিনটো লৈকে ৰাজ্যৰ মুঠ ২৫ জনৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। ইয়াৰে ভিতৰত ২৪ জন কোৰোণাত আক্ৰান্ত ৰোগীয়েই গৈছিল নিজামুদ্দিনৰ তবলিগী জামাতলৈ।

এতিয়ালৈকে নিজামুদ্দিনলৈ ়যোৱা ৮৫২জন ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰিলে ৰাজ্যৰ স্বাস্থ্য বিভাগে। তাৰে ভিতৰত ২৪ টা পজিটিভ ওলোৱাৰ বিপৰীতে ১৫২জন ব্যক্তিৰ তেজৰ ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী।

পৰিতাপৰ কথাটো হ’ল যে, প্ৰত্যেকদিনাই এতিয়া বৃদ্ধি পাই আছে নিজামুদ্দিনলৈ যোৱা লোকৰ সংখ্যা। আৰু কোনোৱে যদি এতিয়াও লুকুৱাই ৰাখিছে, সেইসকলক শনিবাৰে সংবাদমেলৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপপ্ৰচাৰত ভুল নগৈ স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ অনুৰোধ জনালে। অন্যথা পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।
Published by:Himangshu Bhuyan
First published: