'ছাৰ আমাৰ চাকৰিটো ঘূৰাই দিয়ক' হাতযোৰ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰাৰ্থনা

News18 Assam | News18-Assam
Updated:January 6, 2020, 12:00 PM IST
'ছাৰ আমাৰ চাকৰিটো ঘূৰাই দিয়ক' হাতযোৰ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰাৰ্থনা
আৰোগ্য মিত্ৰ আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান মিত্ৰৰ ১৫০০ যুৱক-যুৱতীয়ে হেৰুৱালে চাকৰি

আৰোগ্য মিত্ৰ আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান মিত্ৰৰ ১৫০০ যুৱক-যুৱতীয়ে হেৰুৱালে চাকৰি

  • Share this:
আৰোগ্য মিত্ৰ আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান মিত্ৰৰ ১৫০০ যুৱক-যুৱতীয়ে হেৰুৱালে চাকৰি ৷ ১ জানুৱাৰীৰ দিনাই ফোন আৰু whatsapp যোগে জিলা সমন্বয়কে জনাই যে চাকৰি নথাকে ARM আৰু PMAM সকলৰ ৷

বিগত দুবছৰ ধৰি State Nodel Cellৰ অধীনত MD India আৰু MEDI ASSISTৰ তত্বাবধানত কাম কৰি আহিছিল ARM আৰু PMAMসকলে ৷ দুমাহ ধৰি দৰমহাৰ পৰাও বঞ্চিত হৈ আছিল কৰ্মীসকল ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদৰ হুংকাৰ দি উলুবাৰীস্থিত MD Indiaৰ মুখ্য কাৰ্যালয়ত গোট খাইছে ARM আৰু PMAMসকল ৷ উলুবাৰীস্থিত MD Indiaৰ মূখ্য কাৰ্যালয়ৰ বাহিৰত একত্ৰিত হৈ হেৰুওৱা চাকৰি ঘূৰাই দি চাকৰি নিয়মীয়াকৰণৰ বাবে হাতযোৰ কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক জনালে প্ৰাৰ্থনা ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি