দক্ষিণ কামৰূপত নৱম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ বলাৎকাৰ ৪ পাষণ্ডৰ, অভিযুক্তৰ লগতে নিৰ্যাতিতাকো বেত্ৰাঘাত ৰাইজৰ

চাৰি বলাৎকাৰীৰ লগতে কিশোৰীগৰাকীকো ৰছীৰে বান্ধি একাংশ লোকে কৰিলে বেত্ৰাঘাত।

News18-Assam
Updated:October 24, 2019, 10:58 AM IST
দক্ষিণ কামৰূপত নৱম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ বলাৎকাৰ ৪ পাষণ্ডৰ, অভিযুক্তৰ লগতে নিৰ্যাতিতাকো বেত্ৰাঘাত ৰাইজৰ
চাৰি বলাৎকাৰীৰ লগতে কিশোৰীগৰাকীকো ৰছীৰে বান্ধি একাংশ লোকে কৰিলে বেত্ৰাঘাত।
News18-Assam
Updated: October 24, 2019, 10:58 AM IST
দক্ষিণ কামৰূপৰ মন্দিৰা এন চি গাঁৱত জঘন্য ঘটনা। নিশা এক ধৰ্মীয় অনুষ্ঠানৰ পৰা ঘৰলৈ ওভতাৰ পথত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক পথাৰলৈ টানি নি দলবদ্ধ বলাৎকাৰ চাৰি নৰাধমৰ। বলাৎকাৰৰ পিছত পলায়নৰ চেষ্টা চলাওতেই স্থানীয় লোকে কৰায়ত্ত কৰে চাৰি বলাৎকাৰীক। ৰাইজে কিশোৰীগৰাকীৰ সৈতে চাৰি বলাৎকাৰীক ধৰি আনি পাতিলে ৰাজহুৱা বিচাৰ।

চাৰি বলাৎকাৰীৰ লগতে কিশোৰীগৰাকীকো ৰছীৰে বান্ধি একাংশ লোকে কৰিলে বেত্ৰাঘাত। তাৰ পিছত চাৰি পাষণ্ডক পঞ্চাশ হাজাৰ টকাকৈ জৰিমনা বিহাৰ লগতে কিশোৰীগৰাকীৰ পৰিয়ালৰ পৰাও আদায় লয় ৪০ হাজাৰ টকাৰ জৰিমনা।

পিছত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত মন্দিৰা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। মন্দিৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও নিৰ্যাতিতা কিশোৰীগৰাকীৰ ওপৰত নিৰ্যাতন চলোৱা কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

আনহাতে, ভুক্তভোগী কিশোৰীগৰাকীয়ে চিনাক্ত কৰিছে চাৰি বলাৎকাৰীক। মালিবাৰী এন চি গাঁৱৰ কুদ্দুচ আলী, কালু, নুৰ হক আৰু মইদুল আলী নামৰ পাষণ্ডকেইটাৰ বিৰুদ্ধে দলবদ্ধ বলাৎকাৰৰ অভিযোগ তুলিছে কিশোৰীগৰাকীয়ে। আনহাতে, নিৰ্যাতিতা কিশোৰীগৰাকীক ৰছীৰে বান্ধি বেত্ৰাঘাত কৰা তিনিজন লোকৰ নাম উল্লেখ কৰিছে নিৰ্যাতিতাই। লোককেইজনৰ নাম আবুল হুছেইন, আক্ৰাম আলী আৰু আব্দুল মালেক।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি