অকালতে হেৰাই গ’ল এটি প্ৰতিভা! বনভোজ খাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে আকাংক্ষ্যাই

নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে ১৫ বছৰীয়া আকাংক্ষ্যাৰ মৃতদেহ।
নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে ১৫ বছৰীয়া আকাংক্ষ্যাৰ মৃতদেহ।
- News18 Assam
- Last Updated: December 26, 2020, 3:15 PM IST
জানিব পৰা মতে, ঢকুৱাখনাৰ বান্তৌ ঘাঁৱৰ নিৱাসী তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰশান্ত গগৈৰ পৰিয়ালে কঢ়ানৈৰ আমগুৰি ঘাটত বনভোজ খাবলৈ গৈছিল। কিন্তু সেই সময়তে নৈত পৰি নিখোজ হয় প্ৰশান্ত গগৈৰ কন্যা আকাংক্ষ্যা গগৈ। হাহাকাৰ লাগে পৰিয়ালৰ মাজত।

মৃত আকাংক্ষ্যা ঢকুৱাখনাৰ শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল। নৃত্য, গীত, অভিনয় আদি সকলো দিশতে পাৰ্গত এইগৰাকী প্ৰচূৰ সম্ভাৱনাময়ী ছাত্ৰীৰ মৃত্যুত এতিয়া সমগ্ৰ ঢকুৱাখনাতে শোকৰ ছাঁ পৰিছে।