PUBG খেলিব নিদিয়া বাবেই নিজকে শেষ কৰি পেলালে এটি ১৫ বছৰীয়া কিশোৰে!

মাজনিশা ঘৰৰ পৰা ওলাই যোৱাত ঘৰত মানুহে বিচাৰ–খোচাৰ কৰিও কিশোৰটিক বিচাৰি নাপাই লেখাপানী আৰক্ষী থানাত অৱগত কৰে।

News18-Assam
Updated:September 23, 2019, 4:29 PM IST
PUBG খেলিব নিদিয়া বাবেই নিজকে শেষ কৰি পেলালে এটি ১৫ বছৰীয়া কিশোৰে!
Photo : techspot.com
News18-Assam
Updated: September 23, 2019, 4:29 PM IST
তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত টিৰাপ নৈৰ তিনি সুঁতি ঘাটত কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। উল্লেখযোগ্য যোৱা নিশাৰে পৰা সন্ধানহীন হৈ আছিল কিশোৰটি। PUBG খেলাত পৰিয়ালৰ লোকে বাধা দিয়া বাবেই ঘৰৰ পৰা কিশোৰটি ওলাই গৈছিল বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। মাজনিশা ঘৰৰ পৰা ওলাই যোৱাত ঘৰত মানুহে বিচাৰ–খোচাৰ কৰিও কিশোৰটিক বিচাৰি নাপাই লেখাপানী আৰক্ষী থানাত অৱগত কৰে। আৰক্ষীয়েও কিশোৰটিৰ শুংসূত্ৰ উলিওৱাত ব্যৰ্থ হয়।

আজি তিনিসুঁতি ঘাটত এটা মৃতদেহ গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰাত আৰক্ষীক অৱগত কৰে। পিছত মৃতদেহটো নিশা সন্ধানহীন হোৱা কিশোৰটিৰ বুলি চিনাক্ত হয়। PUBG খেলাত বাধা দিয়া বাবেই কিশোৰটিয়ে নৈত জঁপিওৱাৰ সন্দেহ কৰিছে ৰাইজে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি