‘নিজামুদ্দিনৰ পৰা উভতি অহা পোন্ধৰজন লোক এতিয়াও নিৰুদ্দেশ। ধুবুৰীৰ কোৰোণাত আক্ৰান্ত ৰোগী জনে মিছা কথা কোৱাৰ বাবেই এতিয়া চিকিৎসক, নাৰ্ছে কোৱাৰেণ্টাইনত থাকিব লগা হৈছে। লোকজনৰ বিৰুদ্ধে লোৱা হ’ব আইনীয় ব্যৱস্থা।’ -এই মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
অসম-বংগ সীমান্তৱৰ্তী কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত থকা কোৱাৰেণ্টাইন কেম্পত বৃহস্পতিবাৰে উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ পৰা এমাহ পূৰ্বে বৈষ্ণদেৱী, স্বৰ্ণমন্দিৰ, দিল্লী আদি স্থানলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱা ৪২জনীয়া তীৰ্থযাত্ৰীৰ দল এটাক শ্ৰীৰামপুৰৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল।
কোৱাৰেণ্টাইনত পোন্ধৰ দিন থকাৰ অন্তত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিজে উপস্থিত হৈ সকলো দিশ পৰ্য্যবেক্ষণ কৰি ঘৰলৈ যোৱাৰ সন্মতি প্ৰদান কৰে। মন্ত্ৰী হিমন্তৰ লগতে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা, সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীও কোৱাৰাইটাইন চেণ্টাৰত উপস্থিত আছিল।
সীমান্তৰ তিনিটা স্থানত আবদ্ধ হৈ থকা প্ৰায় চাৰিশ গৰাকী মানুহক পৰ্যায় ক্ৰমে নিজ নিজ অঞ্চলত থকা কোৱাৰাইটাইন চেণ্টাৰ বা নিজ নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিব চৰকাৰে। আনহাতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে নিজামুদ্দিনৰ পৰা ঘুৰি অহা পোন্ধৰজন এতিয়াও নিৰুদ্দেশ হৈ আছে। চৰকাৰ বা স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰা নাই। এই লোকসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|