ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ বিকল্প চিকিৎসালয়ৰূপে ব্যৱহাৰ হ’ব পাৰে নাহৰকটীয়া ১০০খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়খন। ৰাজ্যত ক্ৰমশঃ ভয়াবহ ৰূপত কোভিড–১৯ ৰোগী বৃদ্ধি হোৱাৰ ফলত এই ৰোগীসকলৰ চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ বিকল্পৰূপে নাহৰকটীয়া দীঘলা পথাৰস্থিত মহকুমা অসামৰিক চিকিৎসালয়খন ব্যৱহাৰ হ’ব পাৰে। আজি নাহৰকটীয়াৰত উপস্থিত হৈ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য যে দুদিনীয়া উজনি অসম ভ্ৰমণৰ দ্বিতীয় দিনা মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ পৰা আহি নাহৰকটীয়াৰ এই চিকিৎসালয়খনত উপস্থিত হৈ ইয়াৰ বিভিন্ন সা–সুবিধাসমূহ পৰিদৰ্শন কৰাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে চমু আলোচনাত মিলিত হয়। নাহৰকটীয়াৰ ১০০খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত শীঘ্ৰেই আই চি ইউৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে ইতিমধ্যেই চিকিৎসালয়খনৰ বাবে ১৫ কোটি টকা মুকলি কৰি দিয়াৰ কথাও ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 05, 2020, 21:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|