সমগ্ৰ দৰং জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে। এই অনুসৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো শোভাযাত্ৰা, ধৰ্ণা বা অৱৰোধ কৰিব নোৱাৰিব।
উপায়ুক্তৰ কাৰ্যালয়ত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ বা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত অনাৱশ্যকীয় সমাগম বা ধৰ্ণা অনুষ্ঠিত কৰা, ৫জন বা ততোধিক ব্যক্তি কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ ৰাজহুৱা স্থানত বা ৰাষ্ট্ৰীয় ঘাইপথত সমাগম হোৱা, সাম্প্ৰদায়িক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা শোভাযাত্ৰা, সভা, প্ৰতিবাদী সভা, ধৰ্ণা, ৰেলী অনুষ্ঠিত কৰাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।
ৰাজহুৱা স্থানত ব্যক্তি বা দলৰ দ্বাৰা মাৰণাস্ত্ৰ, লাঠি, চোকা অস্ত্ৰ-শস্ত্ৰ, ধনু-কাঁড়, ডেগাৰ-তৰোৱাল, ত্ৰিশূল আদি লৈ ফুৰা আৰু প্ৰদৰ্শন কৰা, কৰ্তৃপক্ষৰ অনুমতি অবিহনে মাইকৰ ব্যৱহাৰ কৰা, কোনো ব্যক্তি বা কাৰ্যালয়ৰ প্ৰাংগণ, গুদাম ঘেৰাও কৰা, ৰাজহুৱা স্থানত সভা, ৰেলী আয়োজন কৰা, চৰকাৰী গৃহ–বেৰত দেৱাল লিখন আৰু লগতে জিলাখনলৈ অথবা জিলাখনৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৭ বজালৈ সকলো ধৰণৰ ফেৰী, নাও আৰু ভটভটী চলাচল আৰু অত্যাধিক বোজা কঢ়িওৱা নিষেধাজ্ঞা আৰোপ কৰিছে।
ইয়াৰ উপৰি অসামৰিক লোকে সামৰিক পোছাক পৰিধানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ'ব। এই নিষেধাজ্ঞা অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত এই ধাৰা বাহাল থাকিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|