মাঘ বিহুত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছ মৰা নিষিদ্ধ, ১৪৪ ধাৰা জাৰি

News18 Assam | News18-Assam
Updated:January 12, 2021, 12:14 PM IST
মাঘ বিহুত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছ মৰা নিষিদ্ধ, ১৪৪ ধাৰা জাৰি
কেৱল আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ বাহিৰে আন সকলোৰে ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব।

কেৱল আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ বাহিৰে আন সকলোৰে ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব।

  • Share this:
কাজিৰঙাত সমূহীয়া মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে।কলিয়াবৰৰ মহকুমাধিপতি তথা নগাঁৱৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিতোপন নেওগে এক প্ৰেছ বাৰ্তা যোগে ১৩ আৰু ১৪ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জ এলেকাত জাৰি কৰিছে ১৪৪ধাৰা। এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত এইসমূহ এলেকাত ৫জন বা ততোধিক ব্যক্তিৰ সমাগম, যিকোনো ধৰণৰ মাছমৰা সঁজুলি লৈ প্ৰৱেশ অথবা মাৰণাস্ত্ৰ লৈ এই অঞ্চলত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কেৱল আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ বাহিৰে আন সকলোৰে ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব।

কিয় কাজিৰঙাত জাৰি কৰা হ'ল ১৪৪ধাৰা:
মাঘবিহুৰ উৰুকাৰ পূৰ্বে কাজিৰঙাত ১৪৪ধাৰা জাৰি কৰা সন্দৰ্ভত কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে জনোৱা অনুসৰি, বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত লোৱা হৈছে। উৎসৱৰ আনন্দৰ অচিলা লৈ যাতে কোনো দুষ্টচক্ৰই কাজিৰঙাৰ বন্যপ্ৰাণীৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ পৰিপ্ৰেক্ষিততে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published by: Sanjay Kumar Das
First published: January 12, 2021, 12:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading