‘১৪ বছৰীয়া কিশোৰীক প্ৰথমে শ্বিলঙলৈ নি কৰিলে উপৰ্যুপৰি ধৰ্ষণ, পিছত গুৱাহাটীত গৰ্ভপাত কৰাৰ চেষ্টা’- নিজ মুখে সকলো ক’লে দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে

ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমতে
কিশোৰী গৰাকীৰ ঘৰ লখিমপুৰ জিলাত। বয়স মাত্ৰ ১৪ বছৰ। পিতৃক প্ৰথমে লখিমপুৰৰে তিনিজন ব্যক্তিয়ে কিশোৰীগৰাকীক বৰপেটাৰ ফুলেন চৌধুৰী নামৰ এজন লোকৰ ঘৰলৈ বনকৰা ছোৱালী হিচাপে পঠিয়াবলৈ খাটনি ধৰে। আনকি পিতৃৰ হাতত গুজি দিয়ে কিছু টকাও। আৰু পিছত পিতৃক মান্তি কৰাই কিশোৰীগৰাকীক চমজাই দিয়ে ফুলেন চৌধুৰীৰ হাতত।
ফুলেন চৌধুৰীয়ে প্ৰথমে বন কৰা ছোৱালী হিচাপে কিশোৰীগৰাকীক লৈ যায় শ্বিলঙলৈ। আৰু বহুদিন ধৰি ১৪ বছৰীয়া কিশোৰীজনীক উপৰ্যুপৰি ধৰ্ষণ কৰে লম্পট ফুলেনে। এদিন ফুলেন চৌধুৰী শ্বিলঙৰ পৰা বৰপেটাৰ ঘৰলৈ আহোতে লগতে লৈ আহিছিল দুৰ্ভগীয়া কিশোৰীগৰাকীক। আৰু সুযোগ বুজি এদিন লখিমপুৰৰ ঘৰলৈ পলাই আহে কিশোৰীগৰাকী।
ইতিমধ্য এহাল অচিনাকি দম্পতিৰ সহায়ত দুৰ্ভগীয়া কিশোৰীগৰাকী ঘৰত উপস্থিত হৈ সকলো কথা বিৱৰি কয়। কিন্তু তাৰ পিছতো পিতৃ আৰু মাহী মাকে আকৌ গটাই দিয়ে ফুলেনৰ হাততে। আৰু ফুলেনে বলপূৰ্ব্বক ভাবে গুৱাহাটীৰ এগৰাকী চিকিত্সকৰ ওচৰলৈ লৈ যায় কিশোৰীজনীক।
পিছত কিশোৰীগৰাকীয়ে কয় যে, ‘মোক গৰ্ভপাত কৰাব বিছাৰিছিল। কিন্তু চিকিৎসক জনে নকৰিলে। কাৰণ বৰ্তমান আঠ মাহ পুৰ্ণ হৈছে গৰ্ভধাৰণ কৰাৰ। ইয়াৰ মাজতে মোক বহুত কিবাকিবি দিম বুলি লোভ দেখোৱাইছে ফুলেন চৌধুৰীৰ পৰিয়ালে। তেওঁলোকৰ মতে,মাত্ৰ মই ক’ব নালাগে মোৰ ওপৰত ফুলেন চৌধুৰীয়ে চলোৱা অত্যাচাৰৰ কথা।’
পিছত কিশোৰীগৰাকীৰ ভাতৃয়ে যেনেতেনে উদ্ধাৰ কৰি তাইক ‘সখী’ নামৰ এটা এন জি অ’ৰ হাতত গটাই দিয়ে। বৰ্তমান কিশোৰীগৰাকী আছে এই এন জি অ’তে। বৰ্তমান তাই নিৰাপদ। কিন্তু আৰু কেইদিন মানৰ পিছতে গৌৰীয়ে ল’বলগীয়া হ’ব অনাহতক মাতৃত্বৰ বুজা।