হোজাই (Hojai) জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেৱস্থানত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা। এজন স্বয়ম্ভু সাংবাদিকৰ কামনাৰ বলি হৈ এগৰাকী কিশোৰীয়ে সন্তান প্ৰসৱ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত দেৱস্থান আৰক্ষী চকীত দাখিল কৰিছে এক এজাহাৰ।
এজাহাৰত উল্লেখ কৰা মতে, দেৱস্থান অঞ্চলৰ বাসিন্দা কিশোৰীজনীক একে গাঁৱৰে মিনাজ নামৰ এজন যুৱকে বিগত দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক গঢ়ি ঘনিষ্ঠ হৈ পৰে। প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি প্ৰৱঞ্চনা আৰু প্ৰলোভেনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে কিশোৰীগৰাকীৰ সৈতে। এনে অবৈধ শাৰীৰিক সম্পৰ্কৰ ফলত যোৱা বৃহস্পতিবাৰে কিশোৰীগৰাকীয়ে এটি কন্যা সন্তান প্ৰসৱ কৰাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজে ভুক্তভোগীক আইনৰ আশ্ৰয় লোৱাৰ পৰামৰ্শ দিয়ে। ৰাইজৰ আগত কিশোৰীগৰাকীয়ে মিনাজৰ নাম উল্লেখ কৰি ঘটনাৰ নায়ক বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে। মঙলবাৰে দুপৰীয়া হোজাই চাইল্ড লাইনৰ এটা দলে ভুক্তভোগীৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ন্যায় প্ৰদানৰ আশ্বাস প্ৰদান কৰে।
উল্লেখযোগ্য যে গুৰুতৰ অভিযোগ উত্থাপিত হোৱা মিনাজ নামৰ যুৱকজন ফেচবুক পেজ যমুনা এন ইৰ সাংবাদিক। এই চাঞ্চল্যকৰ ঘটনাই সামাজিক মাধ্যমতো ব্যাপক চৰ্চিত হৈছে। উল্লেখযোগ্য যে কিশোৰীগৰাকীয়ে অভিযোগ কৰা ফেচবুকৰ সাংবাদিকজন সম্প্ৰতি পলাতক হৈ আছে যদিও মোৰাঝাৰ আৰক্ষীয়ে ১৩২/২০২১ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।