হোজাইত কবৰ খান্দি মৃতদেহ উদ্ধাৰ কৰাক লৈ বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ। ৰাইকটা চন্দনপুৰ গাঁওত সংঘটিত হৈছে কবৰ খান্দি মৃতদেহ উদ্ধাৰৰ এই ঘটনা। হোজাই আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত কবৰ খান্দি উদ্ধাৰ কৰা হৈছে ১৪ বছৰীয়া নাবলিকাৰ মৃতদেহ।
উল্লেখযোগ্য যে যোৱা ৫ জুলাইত আত্মহত্যা কৰাৰ পিছত ১৪ বছৰীয়া নাবলিকাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কিন্তু সেইদিনা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ পিছতো অভিভাৱকৰ আবেদনত মৰণোত্তৰ পৰীক্ষা নকৰাকৈ অভিভাৱকক চমজাই দিয়া হৈছিল মৃতদেহ।
ফলত উক্ত দিনাই নাবালিকাগৰাকীক দিয়া হৈছিল কবৰ। কিন্তু পিছদিনা অভিভাৱকে নাবালিকা গৰাকীক কোনোবাই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহত হোজাই থানাত দাখিল কৰে এজাহাৰ। ইয়াৰ পিছত ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হোৱাত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো কবৰ খান্দি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানিব পৰা যাব মৃত্যুৰ প্ৰকৃত কাৰণ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|