• Home
  • »
  • News
  • »
  • assam
  • »
  • Karimganj: কোভিডৰ ভেকচিন গ্রহণ কৰি অসুস্থ হৈ মাটিত ঢলি পৰিল ১৪গৰাকীকৈ ছাত্ৰী

Karimganj: কোভিডৰ ভেকচিন গ্রহণ কৰি অসুস্থ হৈ মাটিত ঢলি পৰিল ১৪গৰাকীকৈ ছাত্ৰী

 বিদ্যালয়ৰ মুঠ ৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান কৰা হয়।

বিদ্যালয়ৰ মুঠ ৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান কৰা হয়।

বিদ্যালয়ৰ মুঠ ৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান কৰা হয়।

  • Share this:
কোভিড ভেকচিন গ্রহণ কৰি অসুস্থ ১৪ গৰাকীকৈ ছাত্ৰী। এই ঘটনা কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ ছাগলমোহা ট্ৰাইবেলছ এম ই স্কুলত সংঘটিত হৈছে। আজি বিদ্যালয়খনত কোভিড টিকাৰ প্ৰথম পালি দিয়াৰ কথা আছিল।

সেয়ে  বিদ্যালয়ৰ মুঠ ৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান কৰা হয়। কিন্তু ভেকচিন প্ৰদানৰ কিছু সময়ৰ পিছতে ১৪ গৰাকী ছাত্ৰী মাটিত বাগৰি পৰে। ক্ৰমান্বয়ে ছাত্ৰীসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব ধৰে।

শিক্ষক আৰু অভিভাৱকসকলে মিলি লগে লগে তেওঁলোকক স্থানীয় বাজাড়িছড়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায়। কিন্তু ইয়াত কোনো উন্নত চিকিৎসা ব্যৱস্থা নথকাৰ বাবে বাজাড়িছড়াত থকা মাকুন্দা ক্ৰিষ্টিয়ান হাস্পতাললৈ তেওঁঁলোকক স্থানান্তৰিত কৰা হয়।
Published by:Gautam Barman
First published: