আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফলে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। ৰাজ্যৰ আন জিলাতকৈ উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাতে স্থান লাভেৰে নগাঁও জিলা শীৰ্ষত থাকে (HS Results 2022)।
জিলাখনৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা অধিকসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰে। নগাঁৱৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফলাফল আছিল প্ৰশংসনীয়। জিলাখনৰ পৰা কলা শাখাত ৪, বাণিজ্য শাখাত ২ আৰু বিজ্ঞান শাখাত ৮গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰে। (Assam HS Results 2022)।
কলা শাখাত
নগাঁও জিলাৰ পৰা কলা শাখাত নিলয় কুৰ্মী (তৃতীয় স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল , মুঠ ৪৮৩ নম্বৰ), প্ৰত্যুষ প্ৰতিম বৰা (পঞ্চম স্থান, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মুঠ ৪৮০ নম্বৰ), উপাসনা শইকীয়া (ষষ্ঠ স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মুঠ ৪৭৮ নম্বৰ) আৰু মেঘনা বৰা (দশম স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মুঠ ৪৭৩ নম্বৰ)ই স্থান লাভ কৰে।
বিজ্ঞান শাখাত
আনহাতে বিজ্ঞান শাখাত আঠগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভেৰে জিলাখনক গৌৰৱান্বিত কৰে। তেওঁলোক হ'ল-
সুৰজিত সূত্ৰধৰ, তৃতীয় স্থান, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৮৬নম্বৰ)
ঋত্বিক কুমাৰ সূত, চতুৰ্থ স্থান, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, (৪৮২ নম্বৰ)
দেৱাশিস শৰ্মা, নৱম স্থান, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,(৪৭৫ নম্বৰ)
ৰোহন শইকীয়া, পঞ্চম স্থান, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, (৪৮১ নম্বৰ)
এলড্ৰিন নাথ, চতুৰ্থ স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৮২ নম্বৰ)
বৈভৱ সোণোৱাল, সপ্তম স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,(৪৭৭ নম্বৰ)
বিকিৰণ নাথ, নৱম স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৭৫ নম্বৰ)
প্ৰীতম সৰকাৰ, নৱম স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৭৫ নম্বৰ)
বাণিজ্য শাখাত
একেদৰে বাণিজ্য শাখাত ভাৰতী বিদ্যাপীঠৰ চিমৰণ চুলতানাই ৪৬৫ নম্বৰেৰে অষ্টম স্থান, গীতাঞ্জলী ছিনিয়ৰ স্কুলৰ পৰা চন্দন বৰাই ৪৬১ নম্বৰেৰে নৱম স্থান দখল কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|