ভয়ংকৰ বিপদৰ আগজাননী! অসমত ওলাইছে তালিবানৰ সমৰ্থক। সমগ্ৰ মানৱজাতিক লজ্জিত কৰা বৰ্বৰ তালিবানৰ সমৰ্থনত অসমৰ একাংশ নিকৃষ্ট মানসিকতাৰ লোকে শ্বেয়াৰ কৰিছে পোষ্ট। আফগানিস্তান দখল কৰাৰ পিছত তালিবানৰ আতংকত এতিয়া দিন পাৰ কৰিছে আফগান লোকে। মৃত্য়ুৰ ভয়ত দেশ এৰিছে দেশখনৰ বহুলোকে। প্ৰতিদিনাই চলিছে মহিলাৰ ওপৰত অত্যাচাৰ। মুকলিকৈ মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি এতিয়া আগফানিস্তানৰ ৰাজপথত তালিবানী সন্ত্ৰাসবাদীৰ তহল দেখিবলৈ পোৱা গৈছে।
![]()
এতিয়া অসমত ওলাইছে তালিবানৰ সমৰ্থক। তালিবানীৰ বৰ্বৰ কাৰ্যক সমৰ্থন কৰা ১৪ জন লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আফগানিস্তানত তালিবানৰ উত্থানৰ পিছতে অসমৰ ছ'চিয়েল মিডিয়াত তালিবাসী সমৰ্থকৰ জোৱাৰ উঠিছে। ফেচবুক, হোৱাটছএপত তালিবানৰ সমৰ্থনত মন্তব্য অসমৰ একাংশ।
ধুবুৰী, কামৰূপ, বৰপেটা আৰু কৰিমগঞ্জৰ পৰা গ্ৰেপ্তাৰ দুটাকৈ তালিবানৰ সমৰ্থকক। দৰং, কাছাৰ, হাইলাকান্দি, গোৱালপাৰা আৰু হোজাইৰ পৰা গ্ৰেপ্তাৰ এজনকৈ তালিবানৰ সমৰ্থকক। দৰঙত গ্ৰেপ্তাৰ মৌলানা ফজুল কৰিম, কামৰূপত গ্ৰেপ্তাৰ আবুবক্কৰ ছিড্ডিক ওৰফে আফগা খান অভিলেখ আৰু ছাইদুল হক।
![]()
কাছাৰত গ্ৰেপ্তাৰ জাৱেদ মজুমদাৰ, বৰপেটাত গ্ৰেপ্তাৰ মজিদুল ইছলাম আৰু ফাৰুক হুছেইন খান৷ ধুবুৰীত গ্ৰেপ্তাৰ চৈয়দ আহমেদ আৰু আৰমান হুছেইন।
![]()
পুৱাই হাইলাকান্দি আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে নাদিম আখতাৰ লস্কৰ নামৰ মেডিকেলৰ ছাত্ৰ জনক। দক্ষিণ শালমৰাত গ্ৰেপ্তাৰ খণ্ডকাৰ নুৰ আলম। গোৱালপাৰাত গেপ্তাৰ মৌলানা য়াছিম খান, হোজাইত গ্ৰেপ্তাৰ মৌলানা বছিৰুদ্দিন লস্কৰ, কৰিমগঞ্জত গ্ৰেপ্তাৰ মজিবুদ্দিন আৰু মৰ্তুজা হুছেইন খান।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|