মুখ্যপৃষ্ঠা »খবৰ »অসম »অৰুণাচল প্ৰদেশৰ পাছিঘাটত আবদ্ধ অসমৰ ১৪ শ্ৰমিকক উদ্ধাৰ চৰাইদেউ আৰক্ষীৰ

অৰুণাচল প্ৰদেশৰ পাছিঘাটত আবদ্ধ অসমৰ ১৪ শ্ৰমিকক উদ্ধাৰ চৰাইদেউ আৰক্ষীৰ

২৫ আগষ্টৰ পৰা কাম কৰিবলৈ বুলি অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ সদৰ পাছিঘাটলৈ বুলি ৰাওনা হৈছিল আৰু তাৰ পিছৰ পৰাই অসমৰ পোন্ধৰজনকৈ শ্ৰমিকক কৌশলেৰে আবদ্ধ কৰি ৰাখে৷

২৫ আগষ্টৰ পৰা কাম কৰিবলৈ বুলি অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ সদৰ পাছিঘাটলৈ বুলি ৰাওনা হৈছিল আৰু তাৰ পিছৰ পৰাই অসমৰ পোন্ধৰজনকৈ শ্ৰমিকক কৌশলেৰে আবদ্ধ কৰি ৰাখে৷

  • Share this:
অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ সদৰ পাছিঘাটত আবদ্ধ অসমৰ চৰাইদেউ জিলাৰ ১৪ শ্ৰমিকক উদ্ধাৰ চৰাইদেউ আৰক্ষীৰ। চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত লেঙীবৰ অঞ্চলৰ পোন্ধৰজন শ্ৰমিকক চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ সদৰ পাছিঘাটত আবদ্ধ কৰি ৰখাৰ পিছত আজি অসম আৰক্ষীয়ে কেউগৰাকী শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে উক্ত শ্ৰমিককেইজন যোৱা ২৫ আগষ্টৰ পৰা কাম কৰিবলৈ বুলি অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ সদৰ পাছিঘাটলৈ বুলি ৰাওনা হৈছিল আৰু তাৰ পিছৰ পৰাই অসমৰ পোন্ধৰজনকৈ শ্ৰমিকক কৌশলেৰে আবদ্ধ কৰি ৰাখে৷

প্ৰাপ্ত অভিযোগ অনুসৰি, চৰাইদেউ জিলাৰ লেঙীবৰ অঞ্চলৰ পোন্ধৰজন শ্ৰমিকক চৰাইদেউ জিলাৰ মাইবেলাৰ চেলিম সাগৰ নামৰ এজন ঠিকাদাৰে দলঙৰ কাম কৰাবলৈ বুলি অতি কৌশলেৰে অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ সদৰ পাছিঘাটলৈ বুলি লৈ গৈছিল। কিন্তু কাম কৰাৰ বিনিময়ত ঠিকাদাৰজনে শ্ৰমিকসকলক প্ৰাপ্য ধন আদায় নিদিয়াত খোৱা-বোৱাত সমস্যাই দেখা দিয়ে।

ইফালে, সংশ্লিষ্ট ঠিকাদাৰজনে শ্ৰমিকৰ দলটোক প্ৰাপ্যধন আদায় নিদি দলটোক তাতে আবদ্ধ কৰি ৰাখি নানান ধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল যাৰ ফলত শ্ৰমিকসকলৰ মাজত একপ্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ মাজতে চৰাইদেউ পৰ্বত চাহ বাগিচাৰ অজয় দাস নামৰ শ্ৰমিকজনে অতি কৌশলেৰে পাছিঘাটৰ পৰা কোনোমতে পলাই আহি নিজঘৰ পাইহি।

শ্ৰমিকজনে ঘটনা সম্পৰ্কে সকলোকে অৱগত কৰাত সংশ্লিষ্ট শ্ৰমিককেইজনৰ পৰিয়ালকেইটাৰ মাজত একপ্ৰকাৰ  হাহাকাৰ লাগে। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালকেইটাই চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত মথুৰাপুৰ থানাৰ পৰা যোৱা আৰক্ষীৰ এটা দলে অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ সদৰ পাছিঘাটত উপস্থিত হৈ  স্থানীয় অৰুণাচল প্ৰদেশৰ আৰক্ষী সহযোগত ১৩জনকৈ আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ কৰি স্ব গৃহলৈ উভতাই  আনে৷ আনহাতে, আৰক্ষীয়ে ধৃত ঠিকাদাৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি