২০২১ৰ নিৰ্বাচনত অসমৰ আকাশত উৰিব ১৪খন হেলিকপ্টাৰ

News18 Assam | News18-Assam
Updated:March 1, 2021, 3:00 PM IST
২০২১ৰ নিৰ্বাচনত অসমৰ আকাশত উৰিব ১৪খন হেলিকপ্টাৰ
শাসকীয় পক্ষই আঠখন হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে বিৰোধী মহাজোঁট বন্ধনে ব্যৱহাৰ কৰিব ছয়খন হেলিকপ্টাৰ৷

শাসকীয় পক্ষই আঠখন হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে বিৰোধী মহাজোঁট বন্ধনে ব্যৱহাৰ কৰিব ছয়খন হেলিকপ্টাৰ৷

  • Share this:
আসন্ন অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰত পাঁচটা ৰাজনৈতিক দলে মুঠ ১৪খন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব৷ ইয়াৰ ভিতৰত সৰ্বাধিক হেলিকপ্টাৰ ব্যৱহাৰ কৰিব শাসকীয় BJP আৰু AGPৰ মিত্ৰগোটে। আঠখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব দল দুটাই৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ-AIUDF-BPF আদিৰ মহাজোঁট বন্ধনে ব্যৱহাৰ কৰিব আন ছয়খন হেলিকপ্টাৰ৷

তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ বাবে এতিয়া সকলো ৰাজনৈতিক দলে ককালত টঙালি বান্ধিছে৷ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ৷ আৰম্ভ হৈছে ৰাজনৈতিক দলৰ VIP তথা কেইম্পেনাৰৰ হেলিকপ্টাৰ ব্যৱহাৰ৷ কিন্তু হেলিকপ্টাৰ ব্যৱহাৰৰ ধুম এতিয়াও বেছি হোৱা নাই৷ পৰ্যায়ক্ৰমে দলীয় প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিলৰ পিছতেই অভাৱনীয় হাৰত এইবাৰ বৃদ্ধি পাব নিৰ্বাচনী প্ৰচাৰ৷ লগতে অসমৰ আকাশত উৰিব এক ডজনতকৈও অধিক হেলিকপ্টাৰ৷

আমাৰ হাতত পৰা তথ্য মতে এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক হেলিকপ্টাৰ ব্যৱহাৰ কৰিব শাসকীয় পক্ষই৷ BJPয়ে ব্যৱহাৰ কৰিব ছয়খন হেলিকপ্টাৰ৷ শাসকীয় BJPৰ মিত্ৰ দল AGPয়ে ব্যৱহাৰ কৰিব দুখন হেলিকপ্টাৰ৷

মুঠতে শাসকীয় BJP-AGPয়ে নিৰ্বাচনত ব্যৱহাৰ কৰিব আঠখন হেলিকপ্টাৰ৷ শাসকীয় পক্ষৰ এই নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতিৰ বিপৰীতে বিৰোধী মহাজোঁট বন্ধনে ব্যৱহাৰ কৰিব ছয়খন হেলিকপ্টাৰ৷

ৰাজীৱ ভৱনৰ সুত্ৰই সদৰি কৰা মতে, তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত কংগ্ৰেছে উৰুৱাব চাৰিখন হেলিকপ্টাৰ৷ চাৰিখন হেলিকপ্টাৰৰ ভিতৰত এখন ব্যৱহাৰ কৰিব ভূপেশ বাঘালে৷

অসমৰ মুখ্য তত্ত্বাৱধায়কৰ দায়িত্বত থকা চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘালে নিৰ্বাচনী প্ৰচাৰৰ বাবে এখন হেলিকপ্টাৰ ইতিমধ্যে ভাড়াত লৈছে বুলি ৰাজীৱ ভৱনৰ সূত্ৰত প্ৰকাশ৷ একেদৰে মহাজোঁট বন্ধনৰ অন্যতম দল বদৰুদ্দিন আজমলৰ AIUDFএ নিৰ্বাচনত ব্যৱহাৰ কৰিব এখন হেলিকপ্টাৰ৷ মহাজোঁট বন্ধনৰ নতুন অংশীদাৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFএ ব্যৱহাৰ কৰিব আন এখন হেলিকপ্টাৰ৷

শাসকীয় পক্ষই আঠখন হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে বিৰোধী মহাজোঁট বন্ধনে ব্যৱহাৰ কৰিব ছয়খন হেলিকপ্টাৰ৷

মুঠতে এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত মুঠ ১৪খন হেলিকপ্টাৰে অসমৰ আকাশ-বতাহ কঁপাব৷ অৱশ্যে হেলিকপ্টাৰ ব্যৱহাৰ কৰি দিছপুৰলৈ কোন দলৰ কিমান প্ৰাৰ্থীয়ে আহিব পাৰিব; তাক নিৰূপণ কৰিব ভোটাৰ ৰাইজেহে৷
Published by: Sanjay Kumar Das
First published: March 1, 2021, 3:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি