মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পিতৃয়ে জন্মদিনৰ বাবে সাঁচি ৰখা ধনেৰে সাহায্য দিলে ১৩ বছৰীয়া ছাত্ৰই

পিতৃয়ে জন্মদিনৰ বাবে সাঁচি ৰখা ধনেৰে সাহায্য দিলে ১৩ বছৰীয়া ছাত্ৰই

News18 Assam | News18-Assam
Updated:May 11, 2020, 2:23 PM IST
পিতৃয়ে জন্মদিনৰ বাবে সাঁচি ৰখা ধনেৰে সাহায্য দিলে ১৩ বছৰীয়া ছাত্ৰই
১৩ বছৰীয়া ছাত্ৰ মনিন্দৰ সিঙৰ জন্মদিনত চহৰখনৰ ইস্কন মন্দিৰত পিতৃয়ে ১০টা পৰিয়ালৰ মাজত বিতৰণ কৰিলে সাহায্য।

১৩ বছৰীয়া ছাত্ৰ মনিন্দৰ সিঙৰ জন্মদিনত চহৰখনৰ ইস্কন মন্দিৰত পিতৃয়ে ১০টা পৰিয়ালৰ মাজত বিতৰণ কৰিলে সাহায্য।

  • Share this:
পিতৃয়ে জন্মদিনৰ বাবে সাঁচি ৰাখিছিল ধন। কিন্তু পুত্ৰই সেই ধনৰে আৰ্তজনক সহায়ৰ বাবে জনালে আহ্বান। পুত্ৰৰ অনুৰোধত পিতৃয়ে সেই ধনেৰে আৰ্তজনৰ বাবে ক্ৰয় কৰিলে চাউল, দাইল আৰু তেল। কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ আতুৰ কিমি স্কুলৰ ১৩ বছৰীয়া ছাত্ৰ মনিন্দৰ সিঙৰ জন্মদিনত চহৰখনৰ ইস্কন মন্দিৰত পিতৃয়ে ১০টা পৰিয়ালৰ মাজত বিতৰণ কৰিলে সাহায্য।

দুখীয়া পৰিয়ালকেইটিলৈ সহায়ৰ হাত আগবঢ়াই আনন্দিত হৈ পৰা মনিন্দৰে ক'লে – আৰ্তজনৰ আশীৰ্বাদেই তেওঁৰ বাবে শ্ৰেষ্ঠ উপহাৰ। পুত্ৰৰ এই মহানুভৱতাত আৱেগিক হৈ পৰিল পিতৃ-মাতৃ। উল্লেখযোগ্য যে ডিফুৰ জ্যেষ্ঠ সাংবাদিক ৰাজবীৰ সিঙৰ পুত্ৰ মনিন্দৰৰ এই পদক্ষেপক শলাগিছে সকলোৱে।
First published: May 11, 2020, 2:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি