কামৰ প্ৰলোভনেৰে নি নিয়োগ অসামাজিক কামত, বিহাৰত উদ্ধাৰ কিশোৰ–কিশোৰীসহ অসমৰ ১৩জনীয়া দল

অসমৰ পৰা বিভিন্ন সময়ত কামৰ প্ৰলোভনেৰে নি তাত বিয়া–সবাহত অশ্লীল নৃত্যকে ধৰি বিভিন্ন অসামাজিক কামত নিয়োগ কৰে এনেধৰণৰ কিশোৰ–কিশোৰীক৷

News18-Assam
Updated:September 19, 2019, 9:48 AM IST
কামৰ প্ৰলোভনেৰে নি নিয়োগ অসামাজিক কামত, বিহাৰত উদ্ধাৰ কিশোৰ–কিশোৰীসহ অসমৰ ১৩জনীয়া দল
অসমৰ পৰা বিভিন্ন সময়ত কামৰ প্ৰলোভনেৰে নি তাত বিয়া–সবাহত অশ্লীল নৃত্যকে ধৰি বিভিন্ন অসামাজিক কামত নিয়োগ কৰে এনেধৰণৰ কিশোৰ–কিশোৰীক৷
News18-Assam
Updated: September 19, 2019, 9:48 AM IST
অসম আৰক্ষী বৃহৎ সাফল্য৷ বিহাৰত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ অসমৰ এটা ১৩ জনীয়া দলক। CID আৰু আৰক্ষী অধীক্ষকৰ নিৰ্দেশত মৰিগাঁও সদৰ থানাৰ পৰা যোৱা দল বিহাৰৰ পৰা উদ্ধাৰ কৰে ৫জন প্ৰাপ্তবয়স্ক লোক, ৫ কিশোৰ–কিশোৰী আৰু ৩টা শিশুক। বিহাৰৰ ইষ্ট চম্পাৰণ জিলাৰ কটোৱাত উদ্ধাৰ ১৩জনীয়া দলটোক।

অভিযোগ মতে, অসমৰ পৰা বিভিন্ন সময়ত কামৰ প্ৰলোভনেৰে নি তাত বিয়া–সবাহত অশ্লীল নৃত্যকে ধৰি বিভিন্ন অসামাজিক কামত নিয়োগ কৰে এনেধৰণৰ কিশোৰ–কিশোৰীক৷ ১১ ছেপ্টেম্বৰত মৰিগাঁৱৰ পৰা বিহাৰলৈ পাঁচ কিশোৰীক–কিশোৰীক লৈ যোৱাৰ পথত কামাখ্যা ষ্টেচনত মৰিগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছিল৷ এই সন্দৰ্ভত এগৰাকী মহিলা আৰু এজন লোকক আটক কৰিছিল মৰিগাঁও আৰক্ষীয়ে৷ তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত বিহাৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে ১৩জনীয়া দলটোক।

এই কাৰ্যত জড়িত বিহাৰৰ দুজন যুৱকক আটক কৰা হৈছে। আটক হোৱা যুৱক দুজন অনিল কুমাৰ আৰু দীপক কুমাৰ। দুয়োকে বৰ্তমান মৰিগাঁও সদৰ আৰক্ষী থানাত ৰখা হৈছে৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি