• Home
  • »
  • News
  • »
  • assam
  • »
  • কিছু সকাহ! নিজামুদ্দিনলৈ যোৱা নগাঁৱৰ ১৩জনৰ দেহত নাই ক'ৰোণাৰ অৱস্থিতি, ৬জনৰ ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী

কিছু সকাহ! নিজামুদ্দিনলৈ যোৱা নগাঁৱৰ ১৩জনৰ দেহত নাই ক'ৰোণাৰ অৱস্থিতি, ৬জনৰ ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী

৬জনৰ ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী

৬জনৰ ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী

৬জনৰ ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী

  • Share this:
ৰাজ্যত এতিয়া ক্ৰমাৎ জটিল হৈছে ক’ৰোণাৰ আতংক। মাত্ৰ দুদিনতে ৰাজ্যত ক’ৰোণাৰ আক্ৰান্ত হোৱাৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পালে। ক’ৰোণাত আক্ৰান্ত হোৱা আটাই কেইজনেই গৈছিল নিজামুদ্দিনলৈ। ৰাজ্যৰ এই জটিল পৰিস্থিতিৰ মাজতে আহিছে এটা ভালখবৰ।

নগাঁৱৰ পৰা নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতলৈ যোৱা ১৩জন ব্যক্তিৰ দেহত নাই ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। স্বাস্থ্য পৰীক্ষাৰ অন্তত জিলা প্ৰশাসনে নিশ্চিত কৰিছে এই তথ্য। অৱশ্যে এতিয়াও আন ৬জন ব্যক্তিৰ স্বাস্থ্যপৰীক্ষাৰ প্ৰতিবেদন আহিবলৈ বাকী আছে।

যদিহে আশা কৰা অনুসৰি এইকেইজনৰো ফলাফল নিগেটিভ হয় তেনেহ'লে নগাঁৱৰ ৰাইজে এক অনাকাংক্ষিত সংকটৰ পৰা মুক্তি পাব বুলি ধাৰণা কৰা হৈছে। আনহাতে এতিয়াও অসমলৈ ঘূৰি অহা নাই মাৰ্কাজত অংশগ্ৰহণ কৰা নগাঁৱৰ ৬ জন ব্যক্তি।  ইপিনে নিজামুদ্দিনলৈ তবলিগী জামাতলৈ যোৱা এইসকলৰ পৰিয়ালৰ শতাধিক লোকক স্ক্ৰীণিং কৰিছে নগাঁও স্বাস্থ্যবিভাগে।
Published by:Himangshu Bhuyan
First published: