মুখ্যপৃষ্ঠা »খবৰ »অসম »Sonari News : সোণাৰিৰ সাপেখাতীত বনৰীয়া কাঠফুলা খাই অসুস্থ ১৩ গৰাকী লোক 

Sonari News : সোণাৰিৰ সাপেখাতীত বনৰীয়া কাঠফুলা খাই অসুস্থ ১৩ গৰাকী লোক 

Representative Photo

Representative Photo

পুৱাৰ আহাৰত বনৰীয়া কাঠফুলা খোৱাৰ পাছতে শৌচ–বমি হোৱাত আটাইকে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

  • Share this:
চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত বনৰীয়া কাঠফুলা খাই অসুস্থ ১৩গৰাকী লোক৷ অসুস্থ আটাইকেইগৰাকী লোক সাপেখাতী কুঁৱৰী পথাৰ আৰু বগাবাঘ অঞ্চলৰ। কুঁৱৰীপথাৰৰ একেটা পৰিয়ালৰ অসুস্থ লোককেইগৰাকী  ক্ৰমে ধনীৰাম কৰ্মকাৰ (২৪), শংকৰ কৰ্মকাৰ (৪০), মমতা কৰ্মকাৰ (২৪), হেমন্ত কৰ্মকাৰ (২৪), মংলী কৰ্মকাৰ (৩০), গণেশ কৰ্মকাৰ (১৭), অখিল কৰ্মকাৰ (৮) আৰু পৰিস্মিতা কৰ্মকাৰ (৬)। আনহাতে, বগাবাঘ অঞ্চলৰ লোককেইগৰাকী হ'ল নন মুড়া, পিংকী মুড়া, বেলমনী মুড়া, লক্ষী মুড়া আৰু অজয় মুড়া।

পুৱাৰ আহাৰত বনৰীয়া কাঠফুলা খোৱাৰ পাছতে শৌচ–বমি হোৱাত আটাইকে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে আটাইকে।

শেহতীয়া বাতৰি