অসমত সুৰক্ষিত নহয় গজৰাজ! যোৱা ১০টা বছৰত কৰ্ণাটক আৰু ওড়িশাৰ পিছতে অসমত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে সৰ্বাধিক হাতীৰ। ৩১ ডিচেম্বৰ ২০২১লৈকে যোৱাটো দশকত অসমত বিদ্যুৎস্পৃষ্ট হৈ নিহত হৈছে ১২৯ হাতী। মানৱসৃষ্ট এই পৰিস্থিতিত হাতীৰ মৃত্যুৰ তালিকাত দ্বিতীয় স্থানত আছে অসম। শীর্ষত আছে কৰ্ণাটক আৰু ওড়িশা। দুয়োখন ৰাজ্যতে মৃত্যু হৈছে ১৩৩টা হাতীৰ। এখন তথ্য জনাৰ আইনৰ অধীনত দাখিল কৰা আবেদনৰ প্ৰত্যুত্তৰ প্ৰদান কৰি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এই কথা প্ৰকাশ কৰে।
অন্যহাতে, ৰে’লে খুন্দিয়াই হাতী মৰাৰ তালিকাৰ শীৰ্ষত আছে অসম। যোৱা দহটা বছৰত সেই ধৰণে অসমত মৃত্যু হৈছে ৬২টা হাতীৰ। চুবুৰীয়া পশ্চিম বংগত ৰে’লে খুন্দিয়াই মাৰিছে ৫৭টা হাতী। চোৰাং চিকাৰীৰ হাতত যোৱা ১০টা বছৰত হাতীৰ মৃত্যু হোৱাৰ তালিকাৰ শীর্ষত আছে ওড়িশা। ওড়িশাত চোৰাং চিকাৰীয়ে মাৰিছে ৪৯টা হাতী। অসমত বিহ খুৱাই হাতী মৰা হৈছে ৩২টা, যিটো দেশৰ ভিতৰতে সৰ্বাধিক।
সমগ্ৰ দেশতে যোৱা দহটা বছৰত মৃত্যু হৈছে ১১৬০টা হাতীৰ। তাৰে বিদ্যুৎস্পৃষ্ট হৈ মৰিছে ৭৪১টা, ৰে’লে মহটিয়াই মাৰিছে ১৮৬টা, চোৰাংচিকাৰীৰ হাতত প্ৰাণ গৈছে ১৬৯টাৰ আৰু বিহ খুৱাই মৰা হৈছে ৬৪টা হাতীক।
২০১৭ চনত কেন্দ্ৰীয় চৰকাৰে কৰা এক গণনা মতে দেশত ২৯,৯৬৪টা বনৰীয়া হাতী আছে। ৰে’লে মহতিয়াই হাতী মৰা প্ৰতিৰোধ কৰিবলৈ ইতিমধ্যে ৰে’ল আৰু বন মন্ত্ৰণালয়ৰ মাজত এখন সমন্বয় সমিতি গঠন কৰা হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 02, 2021, 15:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।