বিশিষ্ট সংগীত শিল্পী মানস ৰবীনো থাকে উপস্থিত
বিশিষ্ট সংগীত শিল্পী মানস ৰবীনো থাকে উপস্থিত
শিৱসাগৰ যুৱদ'লত বৃহস্পতিবাৰে শিক্ষা বিভাগৰ উদ্যোগত জিলাখনৰ ১২৩খন শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটক সম্বৰ্ধনা জনোৱা হয়।
বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত মেঘনিধি দহাল আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে।
অনুষ্ঠানৰ শুভাৰম্ভ কৰি জিলা উপায়ুক্তই ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদ ৰূপে গঢ় দিয়াত বিদ্যালয়সমূহে ভূমিকা ল'ব লাগিব বুলি উল্লেখ কৰে। বিদ্যালয়সমূহৰ পৰিচালনা সমিতি আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত সু-সমন্বয় ৰক্ষা কৰি চলাৰো আহ্বান জনায় জিলা উপায়ুক্ত মেঘনিধি দহালে।
অনুষ্ঠানত শিৱসাগৰ জিলাৰ (Sivasagar) বিদ্যালয়সমূহৰ তথ্য, চৰকাৰী নীতি-নিৰ্দেশনাসম্বলিত এটা ৱেবছাইট মুকলি কৰে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে ।
বিশিষ্ট সংগীত শিল্পী মানস ৰবীনকে ধৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত প্ৰতিভাশালী গায়িকা অৰ্চিমণি বুঢ়াগোহাঁয়ে গীত পৰিৱেশন কৰি জীপাল কৰি তোলে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|