বাক্সাৰ মুছলপুৰত এগৰাকী ১২ বছৰীয়া কিশোৰৰ আত্মহত্যা৷ শনিবাৰে নিজ বাসগৃহত জীৱনৰ চৰম সিদ্ধান্ত লয় কিশোৰজনে৷ মুছলপুৰৰ আকাশ জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল আত্মহত্যাৰ পথ লোৱা কিশোৰজন৷ মৃত কিশোৰজনৰ নাম ৰক্তিম কলিতা৷
কিশোৰ ছাত্ৰজনৰ আত্মহননে সৃষ্টি কৰিছে ৰহস্যৰ৷ কি কাৰণে কিশোৰ ছাত্ৰজনে এই সিদ্ধান্ত ল’লে সেয়া এতিয়াও পোহৰলৈ অহা নাই৷ জানিব পৰা মতে, মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং নাৰায়ণপুৰ গাঁৱৰ জয়ন্ত কলিতা আৰু চিত্ৰা কলিতাৰ বাৰ বছৰীয়া পুত্ৰ ৰক্তিম কলিতাই শনিবাৰে পুৱা গৈছিল টিউচনলৈ৷ প্ৰায় দহ মান বজাত ঘৰলৈ উভতি আহিছিল ৰক্তিম৷ পৰিয়ালৰ সৈতে হাঁহি–মাতি কথা কৈ আছিল ৰক্তিমে৷ কিন্তু কিছু সময় পিছত নিজৰ শোৱনি কোঠালৈ গৈ ভিতৰৰ পৰা দৰ্জাৰ বন্ধ কৰি চৰম সিদ্ধান্ত লয় ৰক্তিমে৷
বহু সময়লৈ ভিতৰৰ পৰা ওলাই নহাত পৰিয়ালে ৰক্তিমক মাতিও কোনো সঁহাৰি নাপায় পিছত জুমি চাই ওলমি থকা প্ৰত্যক্ষ কৰে৷ পিছত দৰ্জা ভাঙি কিশোৰজনক ততাতৈয়াকৈ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ আনে যদিও কিশোৰজনৰ মৃত্যু হয়৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|